NORTHEAST NOW (Assamese)
Popular Stories

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কৃষক; চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ November 28, 2019 10:33 am

এক অবাঞ্চিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটালত ভৰ্তি হৈ থকা যদুমনি নাথ নামৰ মাজুলীৰ এগৰাকী ব্যক্তিক চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ প্ৰয়োজন।

উল্লেখযোগ্য যে যোৱা দেওবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত মাজুলীৰ বৰুৱাবাৰী গাঁৱৰ কৃষক যদুমনি নাথ গুৰুতৰভাৱে আহত হৈছিল।

ঘটনাৰ পিছতে গড়মূৰৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত লোকজনক ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোয়ে লোকজনৰ চিকিৎসাৰ বাবদ প্ৰয়োজন হোৱা ধন গোটাব নোৱাৰি এতিয়া যথেষ্ট অসুবিধাত পৰিছে। এটি ৩ বছৰীয়া সন্তানৰ পিতৃ নাথেই পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ সম্বল।

দুৰ্দিনৰ সময়ত পৰিয়ালটোক সহায় কৰাৰ উদ্দেশ্যে বৰুৱাবাৰী গাঁৱৰ ৰাইজে হাতত দানপাত্ৰ লৈ গাঁৱে গাঁৱে পইচা সংগ্ৰহৰ চেষ্টা চলাইছে যদিও পৰ্যাপ্ত ধন গোটাব পৰা নাই। সেয়ে দৰিদ্ৰ পৰিয়ালটোক এই সময়খিনিত সামৰ্থ অনুসৰি সহায় কৰিবলৈ গাঁওবাসীয়ে অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

ব্যক্তিজনৰ পত্নি মিণ্টুমণি শইকীয়াৰ বেংকৰ সবিশেষ-

A/C No- 7209010043360

IFSC-  UTBI0RRBAGB

MINTUMONI SAIKIA

BRANCH NAME-NAYABAZAR (7209)

মিণ্টুমণি শইকীয়াৰ ফোন নম্বৰ ৯৭০৬০১২৪১৩।