NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে দৈয়াং দলং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 29, 2019 8:02 am
bridge

নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰী ৱাই পাট্টোনে বৃহস্পতিবাৰে দৈয়াং দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থিত দৈয়াং দলংখন ওখা জিলাৰ ছুংকি আৰু মুখামি গাঁৱক সংযোগ কৰিছে।

এন পি ডব্লিউ ডি(এন এইচ)ৰ মুখ্য অভিযন্তা কে থেনুই জনোৱা মতে, ২০১৬ চনৰ ২২ জানুৱাৰিত দলংখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল আৰু চলিত বৰ্ষৰ ৩০ এপ্ৰিলত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হয়।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ আৱণ্টিত ধনেৰে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়।

দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰি উপ মুখ্য মন্ত্ৰী গৰাকীয়ে এয়া নাগালেণ্ডৰ জনসাধাৰণৰ বাবে এটা ভাল দিন উল্লেখ কৰি দলংখনে সাধাৰণ জনতাৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি কয়।

তেওঁ দলংখনৰ নিৰ্মাণ কাৰ্য্য যথাসময়ত সম্পূৰ্ণ কৰা বাবে বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্য মন্ত্ৰীক ধন্যাবদ জ্ঞাপন কৰে।

আনহাতে, দলংখন মুকলি কৰি পাট্টোনে স্থানীয় জনসাধাৰণক ইয়াৰ চোৱা-চিতা কৰাৰ বাবে আহ্বান জনায়।

তদুপৰি, জুনহেবোটো জিলাৰ দৈয়াং নদীৰ ওপৰত থকা দলঙৰ নিৰ্মাণ কাৰ্য্যও চলি আছে বুলি উপ মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।