NORTHEAST NOW (Assamese)
অসম

গৰু-ম’হৰ চৰণীয়া পথাৰলৈ পৰ্যবসিত বুঢ়াচাপৰিৰ গঁড় পুনঃসংস্থাপনৰ ব্যয়বহুল ব’মা

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা November 29, 2019 2:08 pm
IMG_20191129_110617_312

এতিয়া ধোঁৱাচাঙতহে যেন উঠিলে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ গঁড়ৰ পুনঃসংস্থাপন প্ৰকল্প। কেৱলমাত্ৰ ঘৰচীয়া গৰু-ম’হৰ চৰণীয়া পথাৰত পৰিণত হৈছে অভয়াৰণ্য খনত গঁড়ৰ পুনঃসংস্থাপনৰ বাবে নিৰ্মাণ কৰা বহুমূলীয়া ব’মা অৰ্থাৎ বিশেষ গড়ালটো।

সম্প্ৰতি বিকল হৈ পৰিছে সৌৰশক্তি সংযোগ ব্যৱস্থা, মামৰ ধৰি হালি পৰিছে চৌহদৰ খুটা, বেৰৰ বহু অংশত চিঙি আছে সৌৰশক্তি পৰিবাহী তাঁৰ, যাৰ বাবে এতিয়া নিতৌ শতাধিক গৰু-ম’হৰ একমাত্ৰ বিচৰণ থলীলৈ পৰ্যবেসিত হৈ পৰিছে এই মৰিশালী সদৃশ ব’মাটো।

উল্লেখযোগ্য যে, নগাঁও জিলাৰ নিকটৱৰ্ত্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক ব’মাটোলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুটাকৈ গঁড় আনি পুনঃসংস্থাপন কৰাৰ কেইমাহমানৰ পাছতেই অতি আশ্চৰ্যজনক ভাবে মৃত্যু হয় মাতৃ সহ পোৱালি গঁড়টোৰ।

ইয়াৰ পাছৰে পৰা ৰাজ্যৰ বিয়াগোম বন বিভাগৰ চুড়ান্ত হেমাহিৰ বাবে দিনক দিনে ব’মাটোৰ অৱস্থা বিধ্বস্তপ্ৰায় হোৱাৰ লগতে আজি পৰ্য্যন্ত অভয়াৰণ্য খনলৈ আন কোনো গঁড় দ্বিতীয় বাৰৰ বাবে পুনঃসংস্থাপন কৰাৰ চেষ্টা নকৰাত সম্প্ৰতি সম্পূৰ্ণৰূপে কোটি টকীয়া ব’মাটো তথা বৃহৎ আকাৰৰ বিশেষভাবে সংৰক্ষিত এলেকাটো পৰিত্যক্ত হৈ পৰিছে।

ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এসময়ত সহস্ৰাধিক গঁড়ৰ অন্যতম বিচৰণ ভূমি হিচাপে প্ৰসিদ্ধ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজিও গঁড়ৰ বাবে উপযুক্ত পৰিবেশ আছে বুলি বহু সময়ত বহুজনে বাৰংবাৰ দাবী কৰি আহিছে।

কিন্তু তাৰ পাছতো ৰাজ্যৰ বৰ্তমানৰ বনমন্ত্ৰী গৰাকীয়ে অভয়াৰণ্য খনত গঁড়ৰ পুনঃসংস্থাপনৰ সন্দৰ্ভত কৰা মন্তব্যই প্ৰকৃততে অভয়াৰণ্য খনৰ প্ৰতি যে মন্ত্ৰী গৰাকীৰ বিশেষ কোনো জ্ঞান তথা গুৰুত্ব নাই তাকে যেন উদঙাই দেখুৱাইছে।

শেহতীয়াকৈ অস্থায়ী শিবিৰ স্থাপনেৰে অভয়াৰণ্য খনলৈ কেৱল মাত্ৰ পৰ্যটক আগমনৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী গৰাকীয়ে গঁড় থকাৰ বাবে অভয়াৰণ্য খনত উপযুক্ত পৰিবেশ প্ৰস্তুত কৰাৰ পাছতহে গঁড়ৰ পুনঃসংস্থাপনৰ চিন্তাচৰ্চা কৰা হ’ব বুলি মন্তব্য কিৰিছিল।

প্ৰকৃততে দীৰ্ঘদিন ধৰি ব্যয়বহুল ব’মাটো পৰিত্যক্ত অৱস্থাতে থাকি অৱশেষত যে তাৰ অস্তিত্বয়েই নাইকিয়া হ’ব মন্ত্ৰীগৰাকীয়ে তাকেই যেন আওপকীয়াকৈ স্পষ্ট কৰি দিছে ৰাইজৰ আগত।

অৱশ্যে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ইমান এটা ব্যয়বহুল প্ৰকল্প আৰম্ভ কৰি মাত্ৰ দুটাকৈ গঁড় পুনঃসংস্থাপন কৰিয়েই ভাগৰ লগা বন বিভাগে তথা  চৰকাৰখনে কেতিয়া অভয়াৰণ্য খনলৈ গঁড়ৰ পুনঃসংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ই পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হ’ব।