NORTHEAST NOW (Assamese)
অসম

Nobel Prize 2021: দুই প্ৰখ্যাত বিজ্ঞানীলৈ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 6, 2021 8:03 pm
Nobel Prize 2021: দুই প্ৰখ্যাত বিজ্ঞানীলৈ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

পদাৰ্থবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ পিছত আজি ঘোষণা কৰা হয় ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।

এইবেলি দুগৰাকী প্ৰসিদ্ধ বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা বিজ্ঞানী দুগৰাকী হৈছে ক্ৰমে বেঞ্জামিন লিষ্ট আৰু ডেভিড মেকমিলান।

ন’বেল কমিটিৰ সূত্ৰই প্ৰকাশ কৰা মতে Asymmetric Organocatalysis প্ৰস্তুত কৰাৰ স্বীকৃতি স্বৰূপেই বিজ্ঞানী দুগৰাকীলৈ এই বছৰৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।

জটিল অনুঘটক আৱিষ্কাৰ কৰি বিজ্ঞানী দুগৰাকী এই বিষয়ত ভৱিষ্যতে অধিক গৱেষণাৰ বাট মুকলি কৰি দিছে বিজ্ঞানী দুগৰাকীয়ে।

সৌৰকোষৰ লগতে আন বিভিন্ন সামগ্ৰীত জটিল আণৱিক গঠনৰ ভুমিকাৰ বিষয়ে বিজ্ঞানী দুগৰাকীয়ে গৱেষণা কৰিছিল। দৰৱ প্ৰস্তুতৰ ক্ষেত্ৰতো এনে জটিল আণৱিক গঠনে বিশেষ প্ৰভাৱ পেলায়।উল্লেখ্যে কালি ন’বেল কমিটিয়ে পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা কৰিছিল।

এই বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা জাপান, জাৰ্মানী আৰু ইটালীৰ তিনি বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে।

জাপানৰ ৯০ বছৰীয়া চেউকুৰো মানেবে আৰু জাৰ্মানীৰ ৮৯ বছৰীয়া ক্লাউছ হেচেলমেনক “পৃথিৱীৰ জলবায়ুৰ ভৌতিক আৰ্হি প্ৰস্তুত কৰা, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু বিশ্বাসযোগ্যভাৱে গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰা” শীৰ্ষক গৱেষণাৰ বাবে নোবেল বঁটা লাভ কৰিছে।

আনহাতে ইটালীৰ ৭৩ বছৰীয়া জৰ্জিঅ’ পেৰিছক তেওঁৰ “পাৰমাণৱিকৰ পৰা গ্ৰহীয় স্কেললৈ ভৌতিক প্ৰণালীৰ বিশৃংখলতা আৰু তাৰতম্যৰ আৱিষ্কাৰৰ” বাবে প্ৰদান কৰা হৈছে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা।

বিজয়ীসকলৰ নাম মঙলবাৰে ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছৰ চেক্ৰেটেৰী জেনেৰেল গোৰান হান্সনে ঘোষণা কৰে।
এই পুৰস্কাৰটোৰ সৈতে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ’নাৰ প্ৰদান কৰা হয়।

১৮৯৫ চনত মৃত্যুবৰণ কৰা আলফ্ৰেড নবেলৰ ইচ্চাপত্ৰ অনুসৰি নবেল বঁটা প্ৰদান কৰা হয় ।

সোমবাৰে ন’বেল সমিতিয়ে আমেৰিকান ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানৰ নাম “মানৱ শৰীৰে উষ্ণতা আৰু স্পৰ্শ কেনেদৰে অনুভৱ কৰে”- গৱেষণাৰ বাবে ফিজিঅ’লজীৰ নোবেল পুৰস্কাৰ বিজয়ী হিচাপে ঘোষণা কৰিছিল ।