NORTHEAST NOW (Assamese)
অসম

গাংগুলীৰ প্ৰচেষ্টাত ক্ৰিকেট পৰামৰ্শদাতা সমতিলৈ পুনৰ উভতি অহাৰ সম্ভাৱনা শচীন-লক্ষ্মণৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2019 5:40 pm
vvs-laxman-sachin-tendulkar

ভাৰতীয় দলৰ দুই তাৰকা প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু ভি ভি এছ লক্ষ্মণ ক্ৰিকেট পৰামৰ্শদাতা সমিতি (চি এ চি)লৈ পুনৰ উভতি অহাৰ সম্ভাৱনা আছে।

বি চি চি আইৰ এগৰাকী শীৰ্ষ বিষয়াই চি এ চিলৈ শচীন-লক্ষ্মণৰ পুনৰ আগমনৰ ইংগিত দিছে।

বি চি চি আইৰ আভ্যন্তৰত চলি থকা কিছু খেলি মেলিৰ বাবে শচীন টেণ্ডুলকাৰ আৰু ভি ভি এছ লক্ষ্মণে চি এ চিৰ পৰা পদত্যাগ কৰিছিল।

বি চি চি আইৰ বৰ্তমানৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ো চি এ চিৰ পৰা পদত্যাগ কৰিছিল।

সৌৰভ গাংগুলীৰ নেতৃত্বত দেওবাৰে মুম্বাইত বি চি আইৰ সাধাৰণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু সেই বৈঠকৰ সময়তে চি এ চিত শচীন আৰু লক্ষ্মণৰ অন্তৰ্ভূক্তিৰ বিষয়ে আলোচনা কৰা হ’ব বুলি বি চি চি আইৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে শুকুৰবাৰে মহেন্দ্ৰ সিং ধোনীৰ ভবিষ্যত সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে যথেষ্ট সময় আছে বুলি উল্লেখ কৰি কিছু মাহ পাছত সকলো কথা স্পষ্ট হৈ পৰিব বুলি কয়।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ো ২০২০ আই পি এলৰ পাছত ধোনীৰ ভবিষ্যতকলৈ স্পষ্ট সিদ্ধান্ত ল’ব পৰা যাব বুলি মত প্ৰকাশ কৰিছিল।