NORTHEAST NOW (Assamese)
অসম

৩ ডিচেম্বৰৰ পৰা বাঢ়িব ভোদাফোনৰ প্ৰিপেইড প্লেনৰ দাম; এয়াৰটেলেও বঢ়াব ৪২ শতাংশ পৰ্য্যন্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 1, 2019 7:34 pm
Airtel

৩ ডিচেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ Vodafone Idea-ই প্ৰিপেইড গ্ৰাহকৰ বাবে ইয়াৰ ডেটা প্লেনবোৰৰ মূল্য প্ৰায় ৪০ শতাংশ বৃদ্ধি কৰিছে। কোম্পানিটোৱে আজি এই বৃদ্ধিৰ বিষয়ে ঘোষণা কৰিছে।

ৰিলায়েন্স জিঅ’ৰ পিছতে সৰ্বাধিক সংখ্যক য়ুজাৰ থকা টেলিকম কোম্পানিটোৱে এ জি আৰৰ (adjusted gross revenue)বাবে সন্মুখীন হোৱা বৃহৎ লোকচানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত ল’ব লগীয়া হয়।

আনহাতে ভোদাফোন আইডিয়াৰ এই টেৰিফ ৰেইট বৃদ্ধিৰ ঘোষণাৰ পিছতে ৩ ডিচেম্বৰত এয়াৰটেলেও টেৰিফ ৰেইট ৪২ শতাংশ বৃদ্ধি কৰাৰ কথা আজি ঘোষণা কৰে।

বৰ্তমান ভোদাফোন আইডিয়াৰ প্ৰিপেইড গ্ৰাহকে ৮৪ দিনৰ ভেলিডিটিৰে দৈনিক ১.৫ জি বি 4G data লাভ কৰে ৪৪৮ টকাত। ৩ ডিচেম্বৰৰ পৰা সেই প্লেন কিনিব লাগিব ৫৯৯ টকাত। বৃদ্ধিৰ হাৰ ৩৩.৭ শতাংশ। ৮৪ দিনৰ ভেলিডিটিৰে দৈনিক ২ জি বিকৈ ডেটা পোৱা পূৰ্বৰ ৫১১ টকাৰ প্লেনটোৰ দাম কৰা হৈছে ৬৯৯ টকা, য’ত বৃদ্ধিৰ হাৰ ৩৬.৮ শতাংশ।

আন কিছুমান প্লেনত ৪০ বা ততোধিক শতাংশ দাম বৃদ্ধি কৰা হৈছে।

Vodafone Plans
৩ ডিচেম্বৰৰ পৰা কাৰ্য্যকৰী হ’ব লগীয়া ভোদাফোন আইডিয়াৰ নতুন প্ৰিপেইড টেৰিফ প্লেন কিছুমান।

আনহাতে এয়াৰটেলেও ৩ ডিচেম্বৰৰ পৰা বৃদ্ধি কৰিব ইয়াৰ প্ৰিপেইড প্লেনবোৰৰ দাম। ৮৪ দিনৰ ভেলিডিটিৰ দৈনিক ১.৫ জি বি 4G data-ৰ প্লেনত এয়াৰটেলে ল’ব ৫৯৮ টকা, যিটো পূৰ্বে ৮২ দিনৰ বাবে ৪৪৮ টকা আছিল।

একেদৰে ৮২ দিনৰ ভেলিডিটিৰে দৈনিক ২ জি বিকৈ ডেটা পোৱা পূৰ্বৰ ৪৯৯ টকাৰ প্লেনটোৰ দাম কৰিব ৬৯৮ টকা আৰু ইয়াকো ৮৪ দিন কৰিব।

এয়াৰটেলেও এ জি আৰৰ (adjusted gross revenue)নামত চৰকাৰক বহু হাজাৰ কোটি টকা দিব লগীয়া হোৱাত লোকচানৰ মুখত আছে।

অচিৰেই ৰিলায়েন্স জিঅ’য়ো ইয়াৰ প্ৰিপ্ৰেইড প্লেনবোৰৰ দাম বৃদ্ধি কৰিব বুলি জানিব পৰা গৈছে।