NORTHEAST NOW (Assamese)
অসম

মোদীয়ে দিছিল কন্যাক মন্ত্ৰীপদ দি একেলগে কাম কৰাৰ প্ৰস্তাৱ; সদৰী কৰিলে শাৰদ পাৱাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 3, 2019 10:12 am
narendra-modi-pm-candidate-hitler-ncp-sharad-pawar-news-hindi-india-58645

মহাৰাষ্ট্ৰৰ শাসন-ক্ষমতাকলৈ চলিল বহু নাটক। শিৱসেনা আৰু কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰাৰ চৰ্চা চলি থকাৰ মাজতে শাৰদ পাৱাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল।

উক্ত সাক্ষাতৰ পাছতে দেবেন্দ্ৰ ফাৰ্ণবিছে ৰাজ্যপালক সাক্ষাৎ কৰি অজিত পাৱাৰৰ সমৰ্থনত চৰকাৰ বনায়।

ৰাজনৈতিক মহলত গৰম আলোচনা চলিছিল যে শাৰদ পাৱাৰ আৰু নৰেন্দ্ৰ মোদীৰ সাক্ষাতকাৰত মিত্ৰতা চূড়ান্ত হৈ পৰিল।

আনকি ইমানলৈ ৰটনা আৰম্ভ হৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে শাৰদ পাৱাৰক পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ দিছিল।

অৱশ্যে শাৰদ পাৱাৰে তেতিয়া সেয়া অজিত পাৱাৰৰ নিজা সিদ্ধান্ত বুলি  স্পষ্ট কৰি দিছিল। শাৰদ পাৱাৰে বাৰে বাৰে দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু শিবসেনা, কংগ্ৰেছৰ সৈতে নতুন চৰকাৰ গঠনৰ পথ মুকলি কৰিছিল।

এতিয়া নতুন চৰকাৰ গঠনৰ পাছত শাৰদ পাৱাৰে প্ৰধান মন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ সময়ৰ কথা ৰাজহুৱা কৰিছে।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি শাৰদ পাৱাৰে এটা মাৰাঠী চেনেলত দিয়া সাক্ষাৎকাৰত প্ৰধান মন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ বিষয়ে মুকলিভাৱে প্ৰকাশ কৰিছে।

পাৱাৰে কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে একেলগে কাম কৰাৰ প্ৰস্তাৱ দিছিল। তেওঁ লগতে সদৰী কৰে যে প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ কন্যা সুপ্ৰিয়া সুলেক কেবিনেট মন্ত্ৰী দিয়াৰ প্ৰস্তাৱ দিছিল।

তেওঁ স্পষ্ট কৰে যে তেওঁক ৰাষ্ট্ৰপতি পদ দিয়াৰ কোনো কথা হোৱা নাছিল। শাৰদ পাৱাৰে কয় যে  প্ৰধান মন্ত্ৰী মোদীৰ পৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰি দিছিল।

ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি (এন চি পি)ৰ অধ্যক্ষগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক বহুত ভাল আৰু ভাল হৈয়েই থাকিব যদিও একেলগে কাম কৰাটো সম্ভৱ নহয়।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ বিগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ উঠা প্ৰধান মন্ত্ৰী মোদীয়ে শাৰদ পাৱাৰ সম্পৰ্কত নৰম স্থিতি গ্ৰহণ কৰিছিল।

প্ৰধান মন্ত্ৰী মোদীয়ে শাৰদ পাৱাৰক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা নাছিল। মোদীয়ে পূৰ্বেও শাৰদ পাৱাৰক প্ৰশংসা কৰিছিল।