NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2019 7:48 am
Black-Flag to Sonowal

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মঙলবাৰে সন্ধিয়া দেশৰ ৰাজধানী নতুন দিল্লীত ক’লা পতাকা প্ৰদৰ্শন কৰা হয়।

নতুন দিল্লীত থকা অসম ভৱনত প্ৰৱেশৰ সময়তে মুখ্য মন্ত্ৰী সোণোৱালক নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰী সকলে ক’লা পতাকা দেখুৱায়।

ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পাছতে আৰক্ষীৰ লোকে তৎপৰতাৰে প্ৰতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা আতৰাই নিয়ে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে নতুন দিল্লীত উপস্থিত হৈছিল।

মঙলবাৰে অসমৰ দুয়োগৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কোবিন্দক শুৱালকুছিত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনলৈ নিমন্ত্ৰণ জনায়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে, নতুন দিল্লীস্থ অসম ভৱনত প্ৰৱেশৰ সময়তে সোণোৱালক দুজন নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে ক’লা পতাকা দেখুৱায়।

ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন স্থানত মুখ্য মন্ত্ৰী সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন কৰা হৈছিল।

কটন বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ইতিমধ্যে বিশ্ববিদ্যালয় দুখনত সোণোৱালৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।