NORTHEAST NOW (Assamese)
অসম

লামডিং ৰে’ল জংচনত ৰে’ল আৰক্ষীৰ তালাচীত বৃহৎ পৰিমানৰ ধন জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2019 8:55 am
lumbding story

লামডিং ৰে’ল জংচনত মঙলবাৰে ৰেলৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই ৪৭ লাখ টকা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে।

মঙলবাৰে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’লখনত তালাচী চলাই বৃহৎ পৰিমাণৰ ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু ধনখিনি লৈ অহা বিকাশ চাহু নামৰ লোকজনক আটক কৰে।

জানিব পৰা মতে, বিকাশ চাহু নামৰ লোকজনে নাজিৰাৰ পৰা গুৱাহাটীলৈ ৰে’লগাড়ী খনত বৃহৎ পৰিমানৰ টকাখিনি লৈ আহি আছিল।

বৰ্তমান ৰে’লৱে আৰক্ষীয়ে অধিক তথ্যৰ বাবে বিকাশ সাহুক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, লামডিং ৰে’ল আৰক্ষীয়ে অভিযান চলাই প্ৰায়ে নিষিদ্ধ সামগ্ৰীৰ লগতে বৃহৎ পৰিমানৰ অবৈধ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈ আহিছে।

কিছুদিন পূর্বেও লামডিং ৰে’ল জংচনত ৰে’ল আৰক্ষীয়ে এগৰাকী কিশোৰীক বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে লৈ যোৱা মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰিছিল।