NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ফাঁচি কাঠত ওলমালে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ আৰু অতুল বৰাৰ প্ৰতীকী

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 4, 2019 6:45 pm

আজি সংসদত বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অনুমোদন জনোৱাৰ লগে লগেই সমগ্ৰ অসমত ইয়াৰ বিৰুদ্ধে প্ৰতিবীদৰ ঢৌ দেখিবলৈ পোৱা গ’ল। শিৱসাগৰতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতীকী ফাঁচি কাৰ্যসূচী ৰূপায়ণ কৰে।

অসম চুক্তি উলংঘা কৰা, অবৈধ বাংলাদেশীক ৰক্ষণা বেক্ষণা দিয়া সাম্প্ৰদায়িক অসংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বকভাৱে জাপি দিয়া সিদ্ধান্তৰ বিৰোধিতা জনাই আছুৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপৰ মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি শিৱসাগৰৰ ৰাজপথত ফাঁচি কাঠত ওলমাই দিয়াৰ লগতে প্ৰতিকৃতি দাহ কৰি তীব্ৰ  প্ৰতিবাদ সাব্যস্ত কৰে।

“কেব আমি নামানো, অসম চুক্তিক অশ্ৰদ্ধা কৰা কাৰ্য নচলিব, বিজেপি গ’ বেক, জাতি আজি ৰাজ পথত, সৰ্বানন্দ সোণোৱালৰ লাজ নাই, অমিত শ্বাহ মুৰ্দাবাদ,  নৰেন্দ্ৰ মোডী হায় হায়, প্ৰতাৰক অতুল বৰা মুৰ্দাবাদ, এজিপি হুচিয়াৰ” আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে শিৱসাগৰৰ আকাশ বতাহ কঁপাই তোলে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়,  “অসমীয়া মানুহৰ আবেগ অনুভূতিক শ্ৰদ্ধা নকৰি আজি কেন্দ্ৰীয় চৰকাৰে কেবিনেটত কেবক অনুমোদন জনালে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজক লৈ কেবৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আন্দোলন কৰি যাব। কেব আমি নামানো।”

তাৰোপৰি সাধাৰণ সম্পাদকগৰাকীয়ে বৰ্তমানৰ সময়ত সৰ্বানন্দ সোণোৱালক জাতিদ্ৰোহী বুলি মন্তব্য কৰে।