NORTHEAST NOW (Assamese)
অসম

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে ১০০ বিঘা মাটিৰ দখলীস্বত্ব হস্তান্তৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ December 5, 2019 7:44 am

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে গড়মূৰৰ সমীপৱৰ্তী মাণিকাপথাৰত আবণ্টিত ১০০ বিঘা মাটিৰ দখল বুধবাৰে আনুষ্ঠানিকভাৱে চমজি লয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

মাণিকাপথাৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ডম্বৰুধৰ নাথ, ভাৰপ্ৰাপ্ত পঞ্জীয়ক তথা মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপস্থিতিত জিলা ৰাজহ বিভাগে বুধবাৰে এই ভূমিৰ দখল বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰে।

ৰাজহ বিভাগৰ পৰা দখল চমজি লৈয়েই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ গৃহ নিৰ্মাণৰ লগতে চৌহদ বিকাশৰ বাবে প্ৰয়োজনীয় নিৰ্মাণ কাৰ্য চলাবলৈ গড়কাপ্তানী(গৃহ নিৰ্মাণ) বিভাগক আৱণ্টিত ভূমিৰ এলেকাটোৰ কৰ্তৃত্ব ন্যস্ত কৰে।

গড়কাপ্তানী (গৃহ নিৰ্মাণ) বিভাগৰ হৈ সহকাৰী কাৰ্যবাহী অভিযন্তা অঞ্জন বৰুৱাই সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এই ভূমিত নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ দখল চমজি লয়।