NORTHEAST NOW (Assamese)
অসম

‘কেব’ কোনোপধ্যেই মানি লোৱা নহ’ব, অপ্ৰীতিকৰ পৰিস্থিতি হ’লে কেন্দ্ৰ জগৰীয়া হ’ব : নেছ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 10:33 am

বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদন জনোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ নেছ’ই।

বুধবাৰে শ্বিলঙত নেছ’ৰ সভাপতি ছেমুৱেল জিৰৱাই কয় যে উত্তৰ-পূবৰ জনসাধাৰণে ‘কেব’ৰ তীব্ৰ বিৰোধিতা কৰি আহিছে বুলি জ্ঞাত হোৱাৰ পিছতো কেন্দ্ৰ চৰকাৰে অঞ্চলটোৰ খিলঞ্জীয়া লোকৰ আৱেগ-অনুভুতিক আঘাত হানি বিধেয়কখন জাপি দিব খুজিছে।

নেছ’ই অহা দুই এদিনতে কেবিনেটে লোৱা সিদ্ধান্তৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে মিলিত হ’ব আৰু সংসদত ‘কেব’ গৃহীত হোৱাৰ পৰা বাধা দিয়াৰ বাবে ল’বলগীয়া পৰৱৰ্তী কাৰ্য্যপন্থাৰ বিষয়ে সিদ্ধান্ত ল’ব বুলিও তেওঁ কয়।

ছেমুৱেল জিৰৱাইৰ উপৰি নেছ’ৰ উপদেষ্টা সমুজ্জল ভট্টচাৰ্য্যয়ো দিল্লীত অমিত শ্বাহক সাক্ষাৎ কৰি আহি সাংবাদিকৰ আগত ‘কেব’ৰ বিৰুদ্ধে নেছ’ই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছিল।

বলপূৰ্বকভাৱে ‘কেব’ জাপি দিব খোজা সিদ্ধান্তই উত্তৰ-পূবক পুনৰ আন্দোলনমুখী কৰি তুলিব বুলি উল্লেখ কৰি ছেমুৱেল জিৰৱাই কেন্দ্ৰ চৰকাৰৰ সতৰ্ক কৰি দি কয় যে ‘কেব’ৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে তাৰ বাবে চৰকাৰেই জগৰীয়া হ’ব।