NORTHEAST NOW (Assamese)
অসম

মাজুলীত সত্ৰাধিকাৰক ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি; ফোন যোগে অশ্লীল মেচেজ, ভিডিঅ’ প্ৰেৰণ দুৰ্বিত্তৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ December 5, 2019 7:37 pm
Majuli News

মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীক বিগত এসপ্তাহ ধৰি অচিনাক্ত দুৰ্বৃত্তই ফোনযোগে ধন দাবী কৰি আছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে সত্ৰাধিকাৰ গৰাকীয়ে।

ফোনযোগে এগৰাকী অচিনাকী মহিলাই সত্ৰাধিকাৰ গৰাকীক প্ৰতিমাহে ২৫,০০০ টকাকৈ আদায় দিয়াৰ বাবে দাবী কৰাৰ লগতে টকা নিদিলে আক্ৰমণ কৰাৰো ভাবুকি দিয়ে বুলি জনিব পৰা গৈছে।

নিতৌ বেলেগ বেলেগ ফোন নম্বৰৰ পৰা মহিলাগৰাকীয়ে পৰমানন্দ দেৱ গোস্বামীক ভাবুকি দি অহাৰ লগতে অশ্লীল মেচেজ আৰু ভিডিঅ’ও প্ৰেৰণ কৰি আহিছে বুলিও সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে।

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত সত্ৰাধিকাৰ গৰাকীয়ে গড়মূৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰাত সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰা মতে, মুঠ আঠ গৰাকী ব্যক্তিৰ ভিতৰত দুগৰাকীয়ে তেওঁলৈ ফোন কৰি ধন দাবী কৰি আহিছে আৰু ধন নাপালে প্ৰাণে মৰাৰো ভাবুকি দিছে।

প্ৰাণে মৰাৰ ভাবুকি দিয়া লোক দুগৰাকীৰ বাহিৰে অন্য লোক কেইগৰাকীয়ে তেওঁক অকথ্য বাক্য প্ৰয়োগেৰে মানসিক নিৰ্যাতন চলাই আহিছে বুলিও অভিযোগ উত্থাপন কৰে সত্ৰাধিকাৰগৰাকীয়ে।

মাজুলীত সত্ৰাধিকাৰ এগৰাকীক এনেদৰে ভয়, ভাবুকি দেখুওৱাৰ লগতে অৱমাননা কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।