NORTHEAST NOW (Assamese)
অসম

বন বিভাগৰ এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড আনুষ্ঠানিকভাবে মুকলি সৰ্বানন্দ সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 10:27 pm
CM Sonowal

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আনুষ্ঠানিকভাৱে মানুহ আৰু বন্যপ্ৰাণী সংঘাতপ্ৰৱণ ১৫ খন জিলাৰ বাবে ১৫ টা এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাডৰ শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে, বন বিভাগে প্ৰশিক্ষণকে আদি কৰি সকলো ব্যৱস্থা প্ৰদানেৰে ইয়াৰ বাবে ৫০ জন ফ্ৰণ্ট লাইন সদসদ্য নিযুক্তি কৰিছে। অচিৰেই ১০০ জনতকৈ অধিক আৰু এনে সদস্যক বন বিভাগে প্ৰশিক্ষণ প্ৰদান কৰিব।

এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাডক সংঘাতৰ সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সদ্যহতে ১৫০ টা ব’ৰ পাম্প একশ্যন গান আৰু ১৫ হাজাৰ ৰাবাৰ বুলেট প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

এই উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে মানুহ আৰু বন্য জন্তুৰ জীৱন হানি হোৱা ঘটনা অত্যন্ত মৰ্মান্তিক আৰু এই স্কোৱাডে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত লাঘৱ কৰাৰ দিশত জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কয়।

মানুহ আৰু বন্যপ্ৰাণীৰ শান্তিপূৰ্ণ সহৱস্থান একান্ত জৰুৰী আৰু এই স্কোৱাডে এনেকুৱা সংঘাত নিৰাময়ৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে ভাষণত প্ৰসংগত কয়।

আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে স্কোৱাডৰ সদস্য সকলক অস্ত্ৰ আৰু অন্যান্য সা-সঁজুলি প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, প্ৰধান মুখ্য বন সংৰক্ষক এ এন সিঙকে ধৰি জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।