NORTHEAST NOW (Assamese)
Popular Stories

ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2019 10:06 am
DulalBora

আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। মহানগৰৰ হাতীগাঁও আৰক্ষীয়ে আজি পুৱা নিজ বাসগৃহৰ পৰা বৰাক গ্ৰেপ্তাৰ কৰে।

ব্লেকমেইলিঙৰ অভিযোগত বৰাক গ্ৰপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে কামৰূপৰ যান-বাহন পৰিদৰ্শক (MVI) নাইমুদ্দিন আহমেদে দুলাল বৰাৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ আনি হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছিল।

আহমেদে এজাহাৰত অনা অভিযোগ মতে আৰ টি আই কৰ্মী বৰাই তেওঁক ৫ লাখ টকা দাবী কৰিছিল।

পিছত তেওঁৰ উক্ত এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে আজি পুৱা ৬ বজাত খানাপাৰাত থকা বাসগৃহৰ পৰা দুলাল বৰাক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাই সততে বিভিন্নজনৰ বিৰুদ্ধে দুৰ্নীতি-কেলেংকাৰীৰ অভিযোগ আনি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি আহিছিল।

কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈ, মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰকাশ কাশ্যপকে ধৰি বিভিন্ন ব্যক্তিৰ বিৰুদ্ধে তেওঁ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল।