NORTHEAST NOW (Assamese)
অসম

“আমাক হত্যা কৰা অথবা কেব বাতিল কৰা”, শিৱসাগৰত দুই যুৱকৰ আমৰণ অনশন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 7, 2019 7:03 pm

‘কেব’ক লৈ ৰাজ্যৰ চৌদিশ এতিয়া প্ৰতিবাদ মুখৰ। ৰাজপথলৈ ওলাই আহিছে দল-সংগঠন, ছাত্ৰ সমাজ। ইয়াৰ মাজতে শিৱসাগৰত দুই যুৱকে ‘কেব’ বিৰোধিতাৰে বহিল আমৰণ অনশনত।

“আমাক হত্যা কৰা নহ’লে কেব বাতিল কৰা” শ্ল’গান লৈ শিৱসাগৰৰ দুই যুৱক জিন্তু মেছ আৰু ওমৰ উল্লাই  আজিৰে পৰা ড০ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি জিন্তু মেছে কয়, “চাওল্যুং চ্যুকাফাই গঢ়ি থৈ যোৱা বৰ অসমক ধ্বংস কৰিবলৈ লোৱা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অমৃত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে কেব গৃহীত কৰাৰ আগতে  জাতিক ভাল পোৱা, ভাষাক ভাল পোৱা, অসমী আইক ভাল পোৱা আমাৰ দৰে যুৱকক প্ৰথমে হত্যা কৰক।”

তাৰোপৰি তেওঁ কয়,  “কোনো স্বাভিমানী অসমীয়াই নিজৰ ভৰিৰ তলৰ মাটিখিনি কোনো বাংলাদেশী বিদেশীয়ে কাঢ়ি নিয়াটো নিবিচাৰে। সেইবাবে আমাৰ এই সংগ্ৰাম মৃত্যু পৰ্যন্ত চলি যাব।”

যদি বিজেপি চৰকাৰে ‘কেব’ গৃহীত কৰে তেন্তে কেব বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ হ’বলৈ আমি  সাজু বুলি মন্তব্য কৰে জিন্তু মেছ আৰু ওমৰ উল্লাই।