NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত অঃ জাঃ যুঃ ছাঃ পঃৰ পিছত মুখ্য মন্ত্ৰীক গুৱাহাটীতো ক’লা পতাকা প্ৰদৰ্শন আছুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 8, 2019 6:08 pm

“কেব” সন্দৰ্ভত নিমাতী কইনা হৈ কেন্দ্ৰৰ স্থিতিক সমৰ্থন কৰি অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি আছুৱে ক’লা পতাকা প্ৰদৰ্শন কৰে।

বিয়লি ৫ বজাত উজান বজাৰস্থিত চহিদ ন্যাসৰ সন্মুখৰ পথেৰে মুখ্য মন্ত্ৰীৰ কনভয়টো পাৰ হৈ যোৱাৰ সময়তে তাত ৰৈ থকা আছুৰ নেতা-কৰ্মীসকলে সোণোৱালক “কেব”ৰ বিৰোধিতাত এইদৰে ক’লা পতাকা প্ৰদৰ্শন কৰে। সেই সময়ত মুখ্য মন্ত্ৰী তেওঁৰ বৰ্তমানৰ ঠিকনা ব্ৰহ্মপুত্ৰ অতিথিশালালৈ গৈ আছিল।

হাতে হাতে ক’লা পতাকা লৈ পথৰ দাঁতিত থিয় হৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অমিত শ্বাহ হায় হায়, কেব বাতিল হ’ব লাগিবই আদি ধ্বনি দিয়ে।

আনহাতে ঘটনাস্থলীত উপস্থিত থকা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ওচৰত আঁঠু লৈছে।

“এওঁলোক কেৱল ক্ষমতাৰ খঁকত জীয়াই আছে। মুখ্য মন্ত্ৰীৰ গাদীখন দখল কৰাৰহে প্ৰতিযোগিতা এওঁলোকৰ। দিল্লীৰ মানুহৰ ভৰিত ধৰি কেনেকৈ মুখ্য মন্ত্ৰী হ’ব পাৰি তাৰে চিন্তাত মগ্ন”, লুৰিণজ্যোতিয়ে কয়।

তেওঁ বিজেপিয়ে ধৰ্মৰ ভিত্তিত বিদেশী জাপি দিব খুজিছে বুলি মন্তব্য কৰি কয়, “ইয়াত মূল ভূমিকা গ্ৰহণ কৰিছে মুখ্য মন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্তৰ দৰে বিশ্বসঘাতকে।”

অসমীয়া মানুহৰ আৱেগ অনুভূতি, ভাষা-সংস্কৃতি, খিলঞ্জীয়াৰ ভৱিষ্যত এইবোৰ তেওঁলোকৰ কাৰণে মূল্যহীন। কেৱল মুখ্য মন্ত্ৰীৰ আসনখনৰ বাবে তেওঁলোকৰ লালসা, লুৰিণজ্যোতিয়ে কয়।

ইপিনে আজি এটা কাৰ্য্যসূচীলৈ যাওঁতে মুখ্য মন্ত্ৰীক কলিয়াবৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ক’লা পতাকা প্ৰদৰ্শন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত সংগঠনটোৱে মুখ্য মন্ত্ৰীক এইদৰে ক’লা পতাকা দেখুৱায়।