NORTHEAST NOW (Assamese)
Popular Stories

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ যমুনা বড়োৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2019 12:19 pm

অসমৰ বাবে এক ভাল খবৰ। মহিলা বক্সিং বিশ্ব প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ প্ৰতিভাৱান বক্সাৰ যমুনা বড়োৱে।

মঙলবাৰে নিশা ৫৪ কেজি শাখাত ২২ বছৰীয়া যমুনাই আলজেৰিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০-ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।

উল্লেখযোগ্য যে যমুনা বড়োয়ে পৰাস্ত কৰা আলজেৰিয়াৰ Ouidad Sfouh হৈছে আফ্ৰিকান গে’মছৰ গ’ল্ড মেডেলিষ্ট। কিন্তু যমুনাৰ শক্তিশালী আৰু আক্ৰমণাত্মক খেলৰ সন্মুখত Sfouh-এ কোনোধৰণৰ প্ৰতিৰোধ গঢ়িবলৈ সক্ষম নহ’ল।

আজি যমুনা বড়োৱে ৰাছিয়াত চলি থকা শীৰ্ষ প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। বক্সাৰ গৰাকীৰ কালিৰ সাফল্যত অভিনন্দন জনাই কেন্দ্ৰৰ ৰাজ্যিক ত্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইট কৰে।

আনহাতে ভাৰতৰ হৈ মেৰী কমেও বিশ্ব প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ কালি থাই বক্সাৰ জুটমাছ জিটপঙক ৫-০-ৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখযোগ্য যে যমুনা বড়োৱে ২০১৫ চনৰ যুৱ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰিছিল। ইতিমধ্যে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা যমুনাই বিশ্ব চেম্পিয়নশ্বিপত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পদক জয় কৰিবলৈ সক্ষম হ’ব বুলি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৰাজ্যৰ ক্ৰীড়া অনুৰাগীসকলে।