NORTHEAST NOW (Assamese)
Popular Stories

নাগ্ৰীজুলিত ৬৭ বছৰীয়া পৰম্পৰাৰে বিজয়া দশমীৰ দাচাই নৃত্যত প্ৰতিফলিত হ’ল আৰ্য্য-অনাৰ্য্যৰ যুঁজ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 9, 2019 10:44 am

সমগ্ৰ ৰাজ্যতে মঙলবাৰে আনন্দ-উল্লাসৰ মাজেৰে বিজয়া দশমী উদযাপন কৰা হয়। অৱশ্যে আন ঠাইৰ তুলনাত বাক্সা জিলাৰ তামুলপুৰৰ ঐতিসাহিক নাগ্ৰীজুলি আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাৰ আছে এক বিশেষ তাৎপৰ্য।

বিগত ৬৬  বছৰে আৰ্য আৰু অনাৰ্যৰ প্ৰাচীন যুজঁৰ কথা সোঁৱৰাই অহা নাগ্ৰীজুলি বিজয়া দশমী উৎসৱত মহীষাশূৰৰ বংশধৰ অসমৰ চাওঁতাল (চানতাল) জনগোষ্ঠীৰ লোকসকলে পৰিবেশন কৰে পৰম্পৰাগত দাচাই নৃত্য।

দাচাই নৃত্যৰ প্ৰদৰ্শনৰ সময়ত নৃত্য দলৰ দেওধনী উঠা লোকৰ দ্বাৰা চানতাল সকলৰ ৰজা মহীষাশূৰক বধ কৰা দুৰ্গা দেৱীক আক্ৰমণ কৰিবলৈ লোৱা ৰোমাঞ্চকৰ দৃশ্য চাবলৈ স্থানীয় লোকৰ উপৰি প্ৰতি বছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জাতি-ধৰ্ম নিৰ্বিশেষে সহস্ৰাধিক লোকৰ সমাগম ঘটে।

চানতাল সকলৰ জাতীয় সাজ পোচাক পৰিধান কৰি মূৰত ময়ূৰৰ পাখি গুজি লৈ কেবাটাও নৃত্য দলে সাত বাৰকৈ দুৰ্গামন্দিৰ চৌহদ পৰিভ্ৰমন কৰি পৰিবেশন কৰা অসমৰ ভিতৰতে বিৰল এই আকৰ্ষণীয় নৃত্য উপভোগ কৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পূজাথলীত ভিন্ন প্ৰান্তৰ পৰা অহা পোন্ধৰ সহস্ৰাধিক লোকৰ সমাগম হয়।

উল্লেখযোগ্য যে নৃত্যৰ প্ৰদৰ্শনৰ মাজতে নৃত্য দলটোৰ চাৰিওফালে দেওধানী উঠা একাধিক লোকে লাঠি জোকাৰি জোকাৰি দলটোৰ চাৰিও ফালে ঘুৰি ফুৰে আৰু ইয়াৰ মাজতে দেওধানী উঠা লোক কেইজনে হঠাৎ মহীষাশূৰক বধ কৰা দুৰ্গাক আক্ৰমণ কৰিবলৈ জপিয়াই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰে৷

তেওঁলোকক মন্দিৰৰ দ্বাৰত থকা ভক্তসকলে বাধা দিয়ে আৰু পিছত পূজাৰীয়ে মন্ত্ৰপুত, শান্তি জল-ফুল-তুলসী চতিয়াই শান্ত কৰে।

দেওধানী উঠা লোককেইজনক নৃত্য দলৰ গুৰুৱে বিশেষভাৱে নিৰ্মিত চাবুকৰে কোবাই কোবাই ধৰাশায়ী কৰা শিহৰণকাৰী দৃশ্যই নৃত্য উপভোগ কৰিবলৈ অহা সমবেত ৰাইজক ৰোমাঞ্চিত কৰি তোলে।

তামাক-তুণ্ডা-কৰতালৰ ধ্বনিৰ তালে তালে নচা দাচাই নৃত্যৰ অন্তত ঢাক-ঢোল, শংখ-ঘন্টা বজাই ভক্তসকলে দুর্গাৰ  জয়ধ্বনি দি প্ৰতিমা বিসৰ্জন দিয়াৰ লগে লগে নাগ্ৰীজুলি আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সামৰণি পৰে।