NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত নদীৰ খহনীয়াই নিঃশেষ কৰিছে বিঘাই বিঘাই কৃষিভূমি! প্ৰতিশ্ৰুতি দিয়ে  দায়িত্ব সামৰিছে চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2025 6:48 pm

বুঢ়িদিহিং আৰু তিৰাপ নদীৰ পাৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ক্ৰমাৎ বৃদ্ধি পোৱা গৰাখহনীয়াৰ ফলত প্ৰতিনিয়ত ১,০০০ বিঘাৰো অধিক কৃষিভূমি জাহ গৈছে নদীত।  এতিয়া নদীৰ গৰাখহনীয়াই জলা কলা খুৱাইছে মাৰ্ঘেৰিটাবাসীক।

তিনি বছৰ পূৰ্বে অসমৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই সেই স্থান পৰিদৰ্শন কৰি আশ্বাস দিয়াৰ পিছতো এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ফলস্বৰূপে এতিয়া স্থানীয় লোকসকল চৰম দুৰৱস্থাৰ মাজত পৰিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি কাঞ্চন বৰাই চৰকাৰৰ নিষ্ক্ৰিয়তাৰ প্ৰতি হতাশা প্ৰকাশ কৰি কয় যে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনো ফল পোৱা নাই।

বৰাই আৰু অভিযোগ কৰে যে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধিসকলে কেৱল ছ’চিয়েল মিডিয়াৰ বাবে গৰাখহনীয়াৰ ফটো চেশ্বন কৰি সমস্যাটো সমাধানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই ।

স্থানীয় লোকসকলে এতিয়া মাৰ্ঘেৰিটাৰ সহ-জিলা আয়ুক্ত, বিধায়ক ভাস্কৰ শৰ্মা আৰু মন্ত্ৰী পীযূষ হাজৰিকাৰ পৰা জৰুৰী হস্তক্ষেপৰ দাবী জনাইছে, যাতে পৰিস্থিতি আৰু বেয়া হোৱাৰ পূৰ্বে খনীয়া নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হয়।