NORTHEAST NOW (Assamese)
অসম

এগৰাকী আৰক্ষী বিষয়াৰ কামনাৰ বলি নাবালিকা: অৱশেষত ন্যায় লাভ কৰিলে ভুক্তভোগীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2025 7:28 pm
এগৰাকী আৰক্ষী বিষয়াৰ কামনাৰ বলি নাবালিকা: অৱশেষত ন্যায় লাভ কৰিলে ভুক্তভোগীয়ে

যদি ৰক্ষকেই ভক্ষক হয়, তেন্তে সাধাৰণ লোকক কোনে ৰক্ষা কৰিব? অসমৰ অভয়াপুৰীত ২০১৮ চনত সংঘটিত এক জঘন্য কাণ্ডই এই প্ৰশ্নৰ উত্থাপন কৰিছে। নিজামুদ্দিন বৰভূঞা নামৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

প্ৰাপ্ত তথ্য অনুসৰি স্কুললৈ যোৱাৰ পথত নাবালিকাগৰাকী যৌন নিৰ্যাতন বলি হৈছিল। ৮ বছৰ ধৰি চলি থকা গোচৰৰ অন্তত অভয়াপুৰীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশ ভুপেন কুমাৰ নাথৰ আদালতে নিজামুদ্দিনক POCSO আইনৰ অধীনত দোষী সাব্যস্ত কৰি ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনাৰ ৰায় দিয়ে। জৰিমনা নিদিলে অতিৰিক্ত ৩ মাহ জে’ল খাটিব লাগিব বুলি উল্লেখ কৰিছে আৰক্ষীয়ে।

ৰাজ্যত অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সময়ত এনে ঘটনাই জনমানসত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে। আদালতৰ এই সিদ্ধান্তই ন্যায়ৰ প্ৰতি আস্থা জগাই তুলিছে যদিও আৰক্ষীৰ দায়িত্বশীলতাৰ প্ৰশ্ন এতিয়াও ৰৈ গৈছে।