NORTHEAST NOW (Assamese)
অসম

মঙলবাৰে আহ্বান জনোৱা উত্তৰ-পূব বন্ধক সমৰ্থন অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ

Posted by: পংকজ কুমাৰ দেৱ Updated by: পংকজ কুমাৰ দেৱ December 9, 2019 5:32 pm

কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা অসম বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াইছে অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়ন চমুকৈ আডছুৱে।

আজি হাফলঙৰ আডছু জিলা কাৰ্যালয়ত সংবাদ মেল পাতি এই কথা জনায় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ হোজাইয়ে।

তেওঁ কয় যে ষষ্ঠ অনুসূচীৰ ডিমা হাচাওকে ধৰি কাৰ্বি আংলং আৰু বি টি এ ডি অঞ্চলক এই বিধেয়কৰ বাহিৰত ৰখা হৈছে যদিও অসমৰ আন আন প্ৰান্তত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ কি হ’ব? সেয়ে এই জাতি ধ্বংসকাৰী বিলখন বাতিলৰ প্ৰয়োজন আছে।

ইয়াৰ উপৰি তেওঁ কাইলৈৰ বন্ধ পালনৰ কাৰণে ৰাইজক আহ্বান জনায়। আনহাতে বন্ধ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হ’ব বুলিও মত প্ৰকাশ কৰিছে।

ইপিনে সংবাদ মেলত ডিমাচা উইমেন ছ’চাইটিৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী ৰিঙ্মিলা হোজাইয়ে কয় যে এই জাতি ধ্বংসী বিধেয়কে জনগোষ্ঠী সম্প্ৰদায়ৰ ভাষা কৃষ্টি-সংস্কৃতিৰ কাৰণে ভয়ানক হ’ব।

এই সন্দৰ্ভত তেওঁ কয়, ‘অসমৰ বৰ্তমান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাত্ৰ আন্দোলনৰ যোগেদি সক্ৰিয় ৰাজনীতিৰ জৰিয়তে আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী হোৱাৰ পাছত এনে বিধেয়ক গৃহীত হোৱাৰ সময়ত নিমাত হৈ থকাতো দুৰ্ভাগ্যজনক’।

তেওঁ লগতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ উপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰধান অখিল গগৈক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰে।

ডিমাচা উইমেন ছ’চাইটিৰ উপৰি ডিমাচা মাদাৰচ্ এছ’চিয়েশ্যনেও এঘাৰ ঘন্টীয়া বন্ধক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

উল্লেখ্য যে ১০ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে উত্তৰ-পূব ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ১১ ঘন্টীয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰিছে।