NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী অতুল বৰাক বিশিষ্ট অতিথি মাতিও নিমন্ত্ৰণ প্ৰত্যাহাৰ TMPK-ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2019 9:53 pm
Minister Atul Bora on unnatural death of pig in Assam

কৰ্মী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী আন্দোলনকাৰীৰ পৰা যথেষ্ট লাঞ্ছনা-গঞ্জনা খোৱা অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আন এক অপমানৰ সন্মুখীন হৈছে।

আজি মন্ত্ৰীজনক TMPK, MMK, TMMK-ৰ বোকাখাতৰ ৰঙাগড়াত চলি থকা অধিৱেশনৰ মুকলি সভালৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল যদিও স্থানীয় ৰাইজৰ দাবীত সেই নিমন্ত্ৰণ প্ৰত্যাহাৰ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অঞ্চলটোত কোনো মন্ত্ৰী-বিধায়কৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল স্থানীয় ৰাইজে।

স্থানীয় ৰাইজৰ এই স্থিতি আৰু দাবী যোৱা নিশাৰ এখন বৈঠকত আয়োজক সমিতি আৰু সংগঠনটোৰ প্ৰতিনিধিবৰ্গই আলোচনা কৰি মন্ত্ৰী বৰাৰ নিমন্ত্ৰণ বাতিল কৰাৰ সিদ্ধান্ত লয়।

বৰাই আজিৰ কাৰ্য্যসূচীৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ পাইছিল।

বৰাৰ উপৰি টি এম পিকেৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজকুমাৰ মৰাং, এম এম কেৰ সভাপতি সুনীল পেগু, টি এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী উষাৰাণী কুম্বাঙো বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰিত হৈছিল।

৮ ডিচেম্বৰৰ পৰা চলা দুদিনীয়া অধিৱেশনখনৰ আজি অন্তিম দিনৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

অসমৰ বৃহত্তৰ স্বাৰ্থৰ পক্ষত লোৱা স্থানীয় ৰাইজৰ স্থিতি আৰু দাবীৰ প্ৰতি মিচিং সংগঠনকেইটাই সন্মান জনোৱাত ধন্যবাদ দিয়ে স্থানীয় ৰাইজে।