NORTHEAST NOW (Assamese)
Popular Stories

জাতি ৰক্ষাৰ স্বাৰ্থত আকৌ শৰাইঘাটলৈ গ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 9, 2019 10:14 pm

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আকৌ এবাৰ শৰাইঘাটলৈ গ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী।

জাতি ৰক্ষাৰ স্বাৰ্থত হাতে হাতে জোঁৰ লৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু তাৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলে শৰাইঘাটৰ দলঙলৈকে এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।

জোঁৰ সমদলৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ২ ছাত্ৰাৱাসৰ পাঁচজন সদস্যই ব্লেডেৰে হাত কাটি তেজেৰে আৰ্টপেপাৰত অসমীয়া স্বৰবৰ্ণ আৰু ‘NO CAB’ লিখি প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ উপৰি, প্ৰতিবাদী সমদলৰ সন্মুখত একেলগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপ সভাপতি অতুল বৰা, কেশৱ মহন্তৰ পুত্তলিকা ফাঁচী কাঠত ওলোমাই সমদল বাহিৰ কৰে।

সৰ্বানন্দ সোণোৱালৰ পুত্তলিকাত লিখা আছিল যে ‘বাংলাদেশৰ জাতি-মাটি-ভেটি আমি ৰক্ষা কৰিম, অসমীয়া ভাষা আমাক নালাগে। সেইদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকাত লিখা আছিল ‘ইমানকৈ দল বাগৰিলো, নতুনকৈ দল খোলাৰ কথা ভাবিছো’।

ঠিক তেনেদৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকাত লিখা আছিল ‘মই নাগপুৰীয়াৰ দালাল মই জাতিটোক বেছি দিয়াৰ ঠিকা লৈছো’।

সেই একেদৰে অগপ সভাপতি অতুল বৰাৰ পুত্তলিকাত ‘মই অলগদ্ধ আৰু অপদাৰ্থ’ লিখাৰ লগতে মন্ত্ৰী কেশৱ মহন্তৰ পুত্তলিকাত ‘মোৰ বাবে মন্ত্ৰীত্ব ডাঙৰ অসমী আই নহয়’ বুলি লিখিছিল প্ৰতিবাদী ছাত্ৰসমাজে।

ইপিনে, জোঁৰ সমদলৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে বিলখনৰ তীব্ৰ বিৰোধিতা কৰে।

‘ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষৰ লোকক ভাৰতীয় নাগৰিক বুলি উল্লেখ কৰিছে। ইয়াত কোনো হিন্দু বা মুছলমান বুলি উল্লেখ কৰা নাই। প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা হিন্দুসকল আহিলে শৰণাৰ্থী হ’ব আৰু মুছলমান আহিলে অনুপ্ৰবেশকাৰী হ’ব সেই ধাৰণা কেন্দ্ৰ আৰু ৰাজ্যই সলাব লাগিব। কোনো কাৰণত কেব আমি মানি নলওঁ।‘ তালুকদাৰে এইদৰে কয়।

তেওঁ আৰু কয় ‘কেব গৃহীত কৰি অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল কোনোপধ্যে মাৰিবলৈ দিব নোৱাৰো। বিল গৃহীত কৰি ৰাজ্য চৰকাৰ গাদীত থাকিম বুলি ভাবিছে, তেন্তে সেয়া ছাত্ৰ সমাজে কেতিয়াও হ’ব নিদিয়ে। এতিয়া নৈতিকভাৱে আন্দোলন কৰিছো, সময় সাপেক্ষে ৰাজনৈতিক আন্দোলন কৰিব।’

‘ডিমা হাচাওত যি কোনোবাই বাংলাদেশীক সংস্থাপন দিয়ে তেন্তে সঁচাকৈ পিটিম। আইন মানিবও জানো, আইন ভাঙিবও জানো। মাতৃক ৰক্ষাৰ বাবে আইন ভাঙিবলগীয়া হ’লে সেয়া কৰিবলৈয়ো প্ৰস্তুত আছো।‘ তালুকদাৰে হুংকাৰ দি কয়।

আনহাতে, সেই প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই বিজেপিত যোগদান কৰাৰ কাৰণ বাখ্যা কৰে।

‘মই ভাবিছিলো যদি চৰকাৰ এখনৰ লগত থাকো, তেন্তে জনসাধাৰণক মই বেছিকৈ সহায় কৰিব পাৰিম। মই কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা দল এটা শাসনত আছিল, তেতিয়া কাম কৰাত সুবিধা হয়, সেই কথা চিন্তা কৰিয়েই মই দলটোত যোগদান কৰিছিলো। দলটোৰ মানুহখিনিয়ে তেতিয়া জানিছিল মই কেবৰ বিৰোধিতা কৰিছিলো। মোক কেব আহিলে কি কৰিব বুলি বিজেপিৰ মানুহে সুধিছিল তেতিয়া মই কৈছিলো যে কেব আঁহোতে আগতে যি কৰিছিলো সেইটোৱেই কৰিম।‘ শৰ্মাই এইদৰে কয়।

অসম মাতৃৰ প্ৰতি সংকট অহা বাবে শৰ্মাই বিজেপি দল ত্যাগ কৰা বুলি উল্লেখ কৰে।

‘মই এজন শিল্পী, মই এজন ভাৰতীয়, তাতকৈ বহু আগত মই এজন অসমীয়া। দৰকাৰ হ’লে হাতত হেঙদাঙ তুলি ল’ম, মই ভয় নকৰো। চহিদ প্ৰথমগৰাকী মই হয় নে নাই নাজানো, দ্বিতীয়গৰাকী কিন্তু মই হয়, কাৰণ ভয় তালৈ কৰিবা যি মৰিবলৈ ভয় নকৰে। কেব আমি নামানো নামানো নামানো।‘ শৰ্মাই কয়।

উক্ত প্ৰতিবাদী সভাত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু বিশিষ্ট সাংবাদিক অজিত ভূঞা উপস্থিত থাকি একেমুখে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।