NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত সুৰক্ষা বাহিনীৰ বাহনত নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2019 10:46 pm
Protest at Dibrugarh

ডিব্ৰুগড় জিলাত সংঘটিত হোৱা দুটা পৃথক পৃথক ঘটনাত সোমবাৰে চাবুৱা আৰক্ষী চকীৰ আৰক্ষী অধীক্ষক তুলুমনী দুৱাৰা আহত হোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ দুখন বাহন ক্ষতিগ্ৰস্ত হয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকলে চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ এখন বলেৰো গাড়ীত আক্ৰমণ সংঘটিত কৰে।

আন এটা ঘটনাত বায়ু সেনা বাহিনীৰ এখন জিপচীত শিলেৰে আক্ৰমণ কৰা হয় আৰু শিলে চাবুৱা আৰক্ষী চকীৰ আৰক্ষী অধীক্ষক গৰাকীকো আঘাত কৰে।

ডিব্ৰুগড় আৰক্ষী অধীক্ষক গৌতম বৰাই সমগ্ৰ ঘটনাত তৃতীয় শক্তি জড়িত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰি তদন্ত অব্যাহত ৰাখিছে।

আক্ৰমণৰ ঘটনাৰ পাছতে চাবুৱাৰ আৰক্ষী অধীক্ষক গৰাকীক এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।

আনহাতে, টাই আহোম যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিগৰাকী প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড়ৰ থানা চাৰিআলিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে।

দিপাংকৰ দুৱাৰা, ৰাজ খান, আৰজু আলিয়ে ডিব্ৰুগড়ৰ থানা চালিআলিত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

সোমবাৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধত ডিব্ৰুগড়ৰ জিলাৰ সাধাৰণ জনজীৱন ব্যহত হয়।

ছাত্ৰ সংগঠনটোৱে জিলাখনৰ বিভিন্ন ঠাইত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।