NORTHEAST NOW (Assamese)
অসম

ক্ৰমে ভয়ংকৰ হৈ উঠিছে প্ৰতিবাদ; কেন্দ্ৰই ৰাজ্যখনলৈ পঠিয়াব চি আৰ পি এফৰ ২৭ টা অতিৰিক্ত কোম্পানী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2019 4:13 pm
crpf

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে কেন্দ্ৰ চৰকাৰে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণৰ বাবে জম্মু-কাশ্মীৰৰ পৰা অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত দল অসমলৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে কাশ্মীৰত থকা চি আৰ পি এফৰ ১০ টা কোম্পানী অসমলৈ ৰাওনা হৈছে।

সূত্ৰৰ মতে, পৰৱৰ্তী সময়ত আৰু ১০ টা চি আৰ পি এফৰ কোম্পানী জম্মু-কাশ্মীৰৰ পৰা অসমলৈ প্ৰেৰণ কৰা হ’ব।

অসমত চি আৰ পি এফৰ দল সমূহ উপস্থিত হোৱাৰ বাবে ইতিমধ্যে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগে মণিপুৰলৈ পঠাবলগীয়া ৭ টা চি আৰ পি এফৰ কোম্পানীৰ নিৰ্দেশ বাতিল কৰি তেওঁলোকক অসমলৈ অহাৰ বাবে নিৰ্দেশ দিছে।

ডিমাপুৰৰ পৰা তেওঁলোকে বিশেষ ৰে’লৰে অসমৰ বিভিন্ন স্থানত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমত আৰম্ভ হোৱা প্ৰতিবাদে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰতিবাদকাৰী সকলে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন জিলাত বিধেয়ক বাতিলৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছে।

বিগত লোকসভাত কেন্দ্ৰ চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছতে উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত অৰ্ধসামৰিক বাহিনীৰ দল মোতায়ন কৰিছিল।

জম্মু-কাশ্মীৰৰ পৰিস্থিতি সামান্য স্বাভাৱিক হোৱাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসমৰ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ বাবে অৰ্ধসামৰিক বাহিনীৰ দলক অসমলৈ বদলি কৰিছে।