NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে সোণোৱাল,তেলীৰ বাসগৃহত প্ৰতিবাদকাৰীৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 4:22 pm
Rameswar Telli News

বুধবাৰে নিশা ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দুলীয়াজানত থকা বাসগৃহত আক্ৰমণ চলাই প্ৰতিবাদকাৰীসকলে।

‘‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰী সকলে বুধবাৰে নিশা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীৰ বাসগৃহত আক্ৰমণ চলাই,’’ বিভাগীয় সূত্ৰত প্ৰকাশ।

ৰামেশ্বৰ তেলীৰ বাসগৃহৰ উপৰিও অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়স্থিত বাসগৃহ, বিজেপিৰ বিধায়ক প্ৰাশান্ত ফুকনৰ লগতে বিজেপি নেতা সুভাষ দত্তৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলায়।

১১ ডিচেম্বৰত নিশা ৰাজ্যসভাত বিতৰ্কৰ অন্তত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়।

অসমৰ বিজেপিৰ সাংসদ সকলৰ লগতে অসম গণ পৰিষদৰ ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়েও বিধেয়কখনৰ সপক্ষে ভোটদান কৰে।

আনহাতে, ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছতে অগ্নিগৰ্ভ হৈ পৰিছে অসমৰ পৰিস্থিতি।

গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন জিলাত সান্ধ্য আইন জাৰি কৰাৰ উপৰিও ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।