NORTHEAST NOW (Assamese)
Popular Stories

শুকুৰবাৰে বৰষুণ হ’ব পাৰে অসম আৰু অৰুণাচল প্ৰদেশত

Posted by: এন ই নাও নিউজ February 8, 2018 9:41 pm
Assam-Arunachal-Pradesh

বতৰৰ আগলি বতৰা অনুসৰি অসম আৰু অৰুণাচল প্ৰদেশত শুকুৰবাৰে বৰষুণ হ’ব পাৰে।

বংগোপসাগৰৰ সেমেকা বতাহে অসম আৰু অৰুণাচলৰ জলবায়ুৰ আৰ্দ্ৰতা বঢ়াই তুলিছে।

skymetweather.comৰ প্ৰতিবেদন অনুসৰি, ‘এই অঞ্চলসমূহত আমি ধুমুহা গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা দেখিছো। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ঠাইসমূহ বৰষুণৰ পৰা মুক্ত থাকিব।’

অৰুণাচল প্ৰদেশত দিনত ঠাণ্ডা আৰু ৰাতি হাড় কঁপোৱা শীত পৰিব। আনহাতে অসমকে ধৰি উত্তৰ-পূবৰ বাকী ঠাইসমূহৰ জলবায়ু আৰামদায়ক থাকিব।

যোৱা কিছুদিন ধৰি অসমৰ কিছু ঠাইত বৰষুণখৈ থকাৰ লগতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ঠাণ্ডাৰ প্ৰকোপ বাঢ়িছে।