NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে বোকাখাতত গোৰ্খা সন্মিলনৰ অৱস্থান ধৰ্মঘট

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 16, 2019 2:13 pm

ৰাজ্যৰ লগতে সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী প্ৰতিবাদ অব্যাহত আছে। সমান্তৰালভাৱে আজি বোকাখাতত গোৰ্খা  সন্মিলনে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰে।

বোকাখাত নগৰৰ মাজমজিয়াত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক গোৰ্খা প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷

বোকাখাত জিলা গোৰ্খা সন্মিলনৰ সভাপতি ৰাজু ছেত্ৰী আৰু সম্পাদক গৌতম দাহালে পৰিচালনাত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীকে ধৰি কেইবাজনো সদস্যই অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

গোৰ্খা সন্মিলনৰ লগতে এই প্ৰতিবাদত বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়েও অংশ গ্ৰহণ কৰে। লগতে প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে কেতিয়াও এই আইন মানি নলয় বুলিও সকীয়াই দিয়ে।