NORTHEAST NOW (Assamese)
Popular Stories

নতুন প্ৰতিবেদনৰ দাবীঃ বিদেশৰ পৰা কয়লা আমদানিৰ খৰচ বৃহৎ হাৰত বঢ়াই দেখুৱাই বিপুল মুনাফা লুটিছে আদানীয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 13, 2023 11:15 am

পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বুলি পৰিচিত উদ্যোগপতি গৌতম আদানীৰ কোম্পানীক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এইবাৰ কয়লা আমদানিৰ বিষয়ক লৈ উঠিছে প্ৰশ্ন। বিদেশী সংবাদ মাধ্যমৰ এক নতুন অনুসন্ধানমূলক প্ৰতিবেদন অনুসৰি বিদেশৰ পৰা কয়লা আমদানি কৰা ব্যয় ব্যাপক বৃদ্ধি কৰি দেখুৱাই আদানী গোষ্ঠীয়ে বিপুল লাভ কৰিছে। দেশৰ সাধাৰণ ৰাইজ, উদ্যোগ জগতে তাৰ মূল্য ভৰিব লগা হৈছে বিদ্যুতৰ বিলৰ জৰিয়তে।

লণ্ডনৰ এখন বাতৰি কাকতে শেহতীয়াকৈ ‘আদানীৰ দুগুণ মূল্যৰ কয়লা আমদানিৰ গোপনীয়তা’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ কৰিছে য’ত কোৱা হৈছে  আদানী গ্ৰুপে বজাৰ মূল্যৰ তুলনাত দুগুণ দামত বিদেশৰ পৰা ৫ বিলিয়ন ডলাৰৰ কয়লা আমদানি কৰিছে। এই কয়লা বিদেশী কোম্পানী এটাৰ জৰিয়তে আমদানি কৰা হৈছিল। সেই কোম্পানীটোৰ এজন অংশীদাৰ হৈছে টাইৱানৰ এজন ব্যৱসায়ী, যি আদানীৰ কোম্পানীটোৰো অংশীদাৰ।

চৰকাৰী নীতি অনুসৰি, বিদ্যুৎ উৎপাদনৰ ব্যয়, বিশেষকৈ কয়লাৰ ব্যয়ৰ ওপৰত ভিত্তি কৰি বিদ্যুতৰ মাচুল নিৰ্ধাৰণ কৰা হয়। প্ৰতিবেদন অনুসৰি, আদানী গ্ৰুপে নিজৰ বিদ্যুৎ উৎপাদনৰ বাবে কয়লাৰ খৰচ কাগজে-পত্ৰই বৃদ্ধি কৰিছিল।

লগতে পঢ়কঃ ২১২ জন ভাৰতীয়ক লৈ নতুন দিল্লীত অৱতৰণ কৰিলে ‘অপাৰেচন অজয়’ৰ প্ৰথমখন বিমান

অভিযোগ মতে, ইণ্ডোনেছিয়াৰ পৰা যাত্ৰা কৰাৰ সময়ত কয়লাৰ যি দাম আছিল, সেয়া জাহাজখন গুজৰাটৰ মুন্দ্ৰাৰ আদানীৰ বন্দৰত উপস্থিত হোৱাৰ পিছত কাগজে-পত্ৰই দুগুণ হ’ল!

কয়লাৰ এই দুগুণ মূল্যৰ ভিত্তিত বিদ্যুতৰ শুল্ক নিৰ্ধাৰণ কৰা হৈছে। সেয়া কাৰখানাৰ মালিক উদ্যোগপতিসকল আৰু সাধাৰণ জনতাই ভৰিব লাগিব। ইয়াৰ বাবে আদানী গ্ৰুপে খৰচৰ তুলনাত ৫২ শতাংশ লাভ কৰে।

এই প্রতিবেদনৰ পাছতে কংগ্রেছ নেতা ছত্তীশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে কটাক্ষ কৰি কয়, ‘বিধানসভা নির্বাচনত পদুম ফুলৰ বুটামটো টিপিলে ভিভিপেটত দেখা পাব ভোট পৰিছে আদানীত৷’

ইয়াৰ পূৰ্বে হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ অনুসন্ধানত আদানী গোষ্ঠীয়ে শ্বেয়াৰৰ মূল্যত লুকাচুৰি কৰা, নিজৰ ধন বিদেশলৈ সৰবৰাহ কৰি সেয়া বক্ৰপথেৰে ভাৰতলৈ ঘূৰাই আনি নিজৰ কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰি দৰ বঢ়াই দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়কঃবিশ্বকাপত নেজ পেলালে কেংগেৰুৱে! নিৰ্মম দক্ষিণ আফ্ৰিকা; আত্মসমৰ্পণ অষ্ট্ৰেলিয়াৰ

ডেৰ মাহ পূৰ্বে বহুকেইটা বিদেশী সংবাদ মাধ্যমত আদানী গোষ্ঠীৰ ব্যৱসায়ক লৈ অনুসন্ধানৰ প্ৰতিবেদন প্ৰকাশ পাইছিল। ইয়াত অভিযোগ কৰা হৈছিল যে আদানী গোষ্ঠীৰ ধন দেশৰ বাহিৰলৈ কৰ ফাঁকিৰ ভূস্বৰ্গ মৰিচাছলৈ সৰবৰাহ কৰা হৈছে। যাৰ পৰিমাণ ১০০ কোটি ডলাৰ। পিছত বক্ৰপথেৰে আকৌ ইয়াক আদানি কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰা হৈছে। ফলত আদানী গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে। গৌতম আদানীৰ ভাতৃ বিনোদ আদানী আৰু দুজন বিদেশী ব্যক্তি লেনদেনত জড়িত হৈ আছে। ইয়াৰে এজন চীনৰ নাগৰিক।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ চোৰাংচোৱা বিভাগৰ তদন্তত আদানীয়ে বিদ্যুৎ উৎপাদনৰ সঁজুলি অধিক মূল্যত ক্ৰয় কৰা বুলি জানিব পৰা গৈছিল। কিন্তু তেওঁলোকেবিদেশী উৎপাদন কোম্পানীসমূহৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা নাই। মাজতে আন এটা সংস্থা আছে। একেটা কোম্পানীয়ে বজাৰ মূল্যত যন্ত্ৰাংশ ক্ৰয় কৰি আদানীক বিক্ৰী কৰিছে। তেওঁলোকে লাভ কৰিছে। সেই কোম্পানীটো আচলতে আদানীৰে কোম্পানী। বিভিন্ন ভুৱা কোম্পানীৰ হাত ঘূৰাই ভাৰতত আদানী গ্ৰুপৰ শ্বেয়াৰত বিনিয়োগ কৰিছে এই ধন।

আনহাতে, তেওঁলোকে অধিক দামত বিদ্যুৎ উৎপাদনৰ যন্ত্ৰাংশ ক্ৰয় কৰিবলগীয়া হৈছে বুলি আদানী গোষ্ঠীৰ বিদ্যুতৰ বিল বৃদ্ধি পাইছে।  গুজৰাটত বিদ্যুৎ যোগান ধৰি আদানী গোটে মুনাফা লুটাৰ অভিযোগ উত্থাপন কৰিছিল গুজৰাট কংগ্ৰেছে। গুজৰাটৰ মানুহে অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লগা হৈছে।

ফাইনেন্সিয়েল টাইমছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত আদানীৰ কয়লা আমদানিৰ ব্যয় অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে, ২০১৯ চনৰ জানুৱাৰী মাহত ইণ্ডোনেছিয়াৰ কালিঅ’ৰঙৰ পৰা ৭৪,৮২০ টন কয়লা জাহাজেৰে প্ৰেৰণ কৰা হৈছিল। গন্তব্যস্থান ভাৰতৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ। জাহাজখন এৰাৰ সময়ত কয়লাৰ ৰপ্তানি মূল্য আছিল ১৯ লাখ ডলাৰ। তাৰ লগতে ৪২ হাজাৰ ডলাৰ পৰিবহণ আৰু বীমাৰ খৰচ। গুজৰাটৰ আদানী পৰিচালিত মুন্দ্ৰাত কয়লা আহি পোৱাৰ সময়ত আমদানিৰ মূল্য ৪৩ লাখ ডলাৰ দেখুওৱা হৈছে।

আদানী গ্ৰুপে দুদিন পূৰ্বে জনাইছিল যে এখন বিদেশী বাতৰি কাকতে পুৰণি ভিত্তিহীন অভিযোগ উলিয়াই কোম্পানীটোৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা চলাইছে আৰু শ্বেয়াৰৰ মূল্যত খহনীয়া আনিব বিচাৰিছে।

উল্লেখ্য যে  হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ পিছত আদানীৰ শ্বেয়াৰৰ মূল্য যথেষ্ট হ্ৰাস পায়। এই আমেৰিকান ষ্টক ৰিচাৰ্চ ফাৰ্মৰ প্ৰতিষ্ঠাপক নেট এণ্ডাৰছনে  এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘’আমাৰ প্ৰতিবেদনৰ পিছল কয়লাৰ মূল্য ৫৬% হ্ৰাস পোৱাৰ পিছতো ‘আদানি এণ্টাৰপ্ৰাইজেছ’ৰ কয়লা ব্যৱসায়িক শাখাৰ লাভ ৪২% বৃদ্ধি পাইছিল। আদানীয়ে অধিক পৰিমাণে ক্ৰয়-বিক্ৰয় আৰু খৰচ হ্ৰাসৰ  যুক্তি দিছিল। যদিও ইয়াৰ অৰ্থ বুজি পোৱা নগ’ল। নতুন প্ৰতিবেদনখনে আদানীৰ শেহতীয়া লাভ লোকচানৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।”