• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপত নেজ পেলালে কেংগেৰুৱে! নিৰ্মম দক্ষিণ আফ্ৰিকা; আত্মসমৰ্পণ অষ্ট্ৰেলিয়াৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2023 8:17 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এদিনীয়া বিশ্বকাপৰ ইতিহাসত সম্ভৱতঃ অষ্ট্ৰেলিয়াৰ বাবে আটাইতকৈ বেয়া আৰম্ভণি। ভাৰতৰ পাছত পেট কামিন্সৰ দলটো দক্ষিণ আফ্ৰিকাৰ হাততো পৰাস্ত হ’ল। তাতকৈও ডাঙৰ কথাটো হ’ল অবিশ্বাস্য পৰাজয়। তেওঁলোকৰ প্ৰথম দুয়োখন মেচেই আছিল সম্পূৰ্ণ একপক্ষীয়। অষ্ট্ৰেলিয়াই কোনো যুঁজেই আগবঢ়াব নোৱাৰিলে।

বৃহস্পতিবাৰে লক্ষ্ণৌত ১৩৪ ৰানত পৰাস্ত হয় অষ্ট্ৰেলিয়া। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৭ উইকেট হেৰুৱাই ৩১১ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৪০.৫ অভাৰত ১৭৭ ৰান সংগ্ৰহ কৰি অল আউট হয়।

দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ ক’লা ঘোঁৰা। কোনো ক্ৰিকেট পণ্ডিতেই প্ৰ’টিয়াছক ছেমি ফাইনেলৰ দৌৰতো স্থান দিয়া নাই। কিন্তু ডি কক, আইডেন মাৰ্কৰামহঁতে সকলোকে আচৰিত কৰি তুলিছে। একেৰাহে দুখন মেচত কুইণ্টনৰ শতক। দক্ষিণ আফ্ৰিকাই দুটাকৈ জয়ৰে শীৰ্ষস্থান দখল কৰিছে।

Apply Now
ফটোঃ সংগ্ৰহীত।

পেট কামিন্সে টছত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাক বেট কৰিবলৈ পঠিয়ায়।  সেইটোৱেই বুমৰাং হ’ল। তাৰ পিছত জঘণ্য ফিল্ডিং। মিছৰ পিছত মিছ কেচ। এনে দুৰ্বল ফিল্ডিং অষ্ট্ৰেলিয়াৰ পৰা কেতিয়াও আশা কৰা নাযায়। ফলত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰত ৭ উইকেটৰ বিনিময়ত ৩১১ ৰান সংগ্ৰহ কৰি ইনিংছ সামৰে।

একেৰাহে দুখন মেচত কুইণ্টন ডি ককে শতৰাণ কৰে। এইটো আছিল তেওঁৰ আন এক উৎকৃষ্ট ইনিংছ। ডি ককে ৫টা ছয় আৰু ৮টা চাৰিৰ সহায়ত ১০৬টা বলত ১০৯ ৰান সংগ্ৰহ কৰে। ভাল আৰম্ভণি কৰাৰ পিছতো টেম্বা বাভুমা (৩৫), ভান ডেৰ ডুচেন (২৬), হাইনৰিখ ক্লাচেনে (২৯) বেছি সময় টিকি থাকিব নোৱাৰিলে।

ফটোঃ সংগ্ৰহীত।

কিন্তু আইডেন মাৰ্কৰামক পুনৰ শ্ৰেষ্ঠ ছন্দত দেখা পোৱা যায়। তেওঁ দ্ৰুত অৰ্ধশতক অৰ্জন কৰে। ১টা ছয় আৰু ৭টা চাৰিৰ সহায়ত ৪৪টা বলত ৫৬ ৰান সংগ্ৰহ কৰে। শেষত মাৰ্কো জান্সেনে গুৰুত্বপূৰ্ণ ২৬ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ গ্লেন মেক্সৱেল, মিচেল ষ্টাৰ্কে দুটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে পাকিস্তানে ইতিহাসৰ সৰ্বাধিক ৰান চেজ কৰি বিশ্বকাপত জয়লাভ কৰিছে। কিন্তু অষ্ট্ৰেলিয়াই তাৰ পুনৰাবৃত্তি ঘটাব নোৱাৰিলে। বিশ্বকাপত তিনিশতাধিক ৰান অনুসৰণ কৰি জয়ী হোৱাৰ কোনো অভিলেখ নাই অষ্ট্ৰেলিয়াৰ। এইবাৰো নহ’ল। ৰাণ কৰিবলৈ গৈ উবুৰি খাই পৰিল দলটোৰ তাৰকা বেটাৰসকল।

ফটোঃ সংগ্ৰহীত।

প্ৰ’টিয়াছ পেচাৰৰ আক্ৰমণত অষ্ট্ৰেলিয়াই আৰম্ভণিতে ৫৬ ৰানত ৪ উইকেট হেৰুৱায়। টপ অৰ্ডাৰত বিধ্বস্ত হৈ পৰিল। মিচেল মাৰ্ছ (৭), ডেভিদ ৱাৰ্নাৰ (১৩), ষ্টিভ স্মিথ (১৯), জোছ ইংলিছ (৫) আহিছে আৰু গৈছে। একেই অৱস্থা মিডল অৰ্ডাৰৰো । মেক্সৱেলে ৩, ষ্ট’ইনিছে ৫) ৰান নাপালে। মাত্ৰ ৭০ ৰানতে ৬ টা উইকেট হেৰুৱায় অষ্ট্ৰেলিয়াই। বিশ্ব কাপত যেন এয়া এক অপৰিচিত অষ্ট্ৰেলিয়া!

ফটোঃ সংগ্ৰহীত।

সম্পূৰ্ণ অজ্ঞাত সপ্তম উইকেটৰ বাবে লাবুচেন-ষ্টাৰ্কে ৬৯ ৰান সংযোজন কৰে। অষ্ট্ৰেলিয়াৰ পেচাৰগৰাকী ২৭ ৰানত আউট হয়। তাৰ পিছত লাবুচেনো বেছি সময় টিকি নাথাকিল। তেওঁ ৭৪টা বলত ৪৬ ৰান সংগ্ৰহ কৰি আউট হয়। শেষত পেট কামিন্সে ২২ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ তিনিটা উইকেট লয় ৰাৱডাই। জান্সেন, কেশৱ মহাৰাজ আৰু ছামছিয়ে দুটাকৈ উইকেট দখল কৰে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm
মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd