NORTHEAST NOW (Assamese)
Popular Stories

হিংসাত্মক কাৰ্যকলাপৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী : গোলাম নবী আজাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2019 1:02 pm
Ghulam Nabi Azad

নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক কাৰ্যৰ আঁৰত কংগ্ৰেছ জড়িত থকা বুলি বিজেপিয়ে কৰা মন্তব্যক উভটি ধৰিছে ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে।

‘হিংসাত্মক কাণ্ডৰ মুখ্য আৰোপী হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, কিয়নো তেওঁলোকে ইয়াৰ পৰিণামৰ কথা চিন্তা নকৰাকৈয়ে সদনত বিতৰ্কিত বিধেয়কখন পাছ কৰাইছে’, এই মন্তব্য আজাদৰ।

উত্তৰ-পূবত হোৱা ব্যাপক কা বিৰোধী আন্দোলন কংগ্ৰেছৰ প্ৰৰোচনাত হোৱা বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ প্ৰসংগত নবী আজাদে কয়, ‘যদিহে কংগ্ৰেছে তেনেধৰণৰ হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হ’লহেতেন তেন্তে বিজেপি শাসনতে নাহিলহেতেন’।

ইয়াৰ উপৰি তেওঁ কয়, ‘এনেধৰণৰ অভিযোগৰ কোনো ভিত্তি নাই আৰু মই ইয়াক নিন্দা জনাইছো। হিংসাত্মক কাৰ্যৰ বাবে বেলেগ নহয়, শাসকীয় দল, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু তেওঁলোকৰ কেবিনেটহে সম্পূৰ্ণৰূপে জগৰীয়া’।

সোমবাৰে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়।

‘দেশৰ সকলো প্ৰান্তৰ লোকে এই আইনখনৰ বিৰোধিতা কৰাৰ লগতে উত্তৰ-পূবৰ পৰা নতুন দিল্লীপৰ্যন্ত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদ দেখা নাই তথা মানি ল’ব বিচৰা নাই’, আজাদে কয়।