NORTHEAST NOW (Assamese)
অসম

গণ সত্যাগ্ৰহৰ দ্বিতীয় দিনা বোকাখাতত বিশাল গণ সমাবেশ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 17, 2019 1:28 pm
IMG_20191217_115141

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বোকাখাততো মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত আজি দ্বিতীয় দিনৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

নাগৰিকত্ব ( সংশোধনী ) আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত চলি আছে তিনি দিনীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী।

আজিৰ গণ সত্যাগ্ৰহত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠনৰ উপৰি স্থানীয় দল-সংগঠনৰ প্ৰায় সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে।

বোকাখাতৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি সকলো ব্যৱসায়ীয়ে আজিৰ এই গণ সত্যাগ্ৰহ কাৰ্যসূচীত অংশ লয়।

বোকাখাতৰ ৰাজহুৱা খেল পথাৰত গণ সত্যাগ্ৰহৰ বাবে সমবেত এই সহস্ৰাধিক প্ৰতিবাদী জনতাই নাগৰিকত্ব (সংশোধনী ) আইন বাতিলৰ দাবীত নগৰখনত এক প্ৰতিবাদী সমদল উলিয়াই পৰিবেশ উত্তাল কৰি তোলে।

গণ সত্যাগ্ৰহৰ প্ৰতিবাদী সভাত অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, ব্যৱসায়ী সন্থাৰ হৈ প্ৰাক্তন আছু নেতা নৱাগত শইকীয়া, জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই ভাষণ প্ৰদান কৰি কোনো কাৰণতে ‘কা’মানি লোৱা নহব বুলি সকীয়াই দিয়ে।