NORTHEAST NOW (Assamese)
অসম

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কুলদীপ যাদৱৰ দুৰ্দান্ত হেট্ৰিক; এদিনীয়া ক্ৰিকেটত দ্বিতীয়টো হেট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় বলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2019 8:56 pm
Kuldip Yadav

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দুৰ্দান্ত হেট্ৰিক অৰ্জন কৰিছে ভাৰতীয় দলৰ চাইনামেন স্পীনাৰ কুলদীপ যাদৱে।

কুলদীপে ৱেষ্টি ইণ্ডিজৰ চাই হোপ, জেচন হোল্ডাৰ আৰু আলজাৰী জোচেইফক আউট কৰি এদিনীয়া ক্ৰিকেটত কেৰিয়াৰৰ দ্বিতীয়টো হেট্ৰিক অৰ্জন কৰে।

ইয়াৰ পূৰ্বে কুলদীপে ২০১৭ চনত কলকাতাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত কেৰিয়াৰ প্ৰথমটো হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

এদিনীয়া ক্ৰিকেটত দ্বিতীয়টো হেট্ৰিক অৰ্জন কৰা কুলদীপ যাদৱ ভাৰতৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰি দুই অপেনাৰ ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ শতৰাণৰ সহায়ত বিশাল ৩৮৭ ৰাণ সংগ্ৰহ কৰিছিল।

ৰোহিতে ১৫৯ আৰু ৰাহুলে ১০২ ৰাণ কৰাৰ লগতে ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰে মাৰমুখি বেটিঙেৰে ৩৯ আৰু ৫৩ ৰাণ কৰিছিল।

ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে আজি কোনো ৰাণ নকৰাকৈ পেভিলিয়ানলৈ উভতি যায়।