NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ; চিনেটত ভাগ্যপৰীক্ষা হ’ব মাৰ্কিন ৰাষ্ট্ৰপতিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 4:41 pm
image

ৰাষ্ট্ৰপতি হিচাপে ক্ষমতাৰ অপব্যৱহাৰ তথা মাৰ্কিন কংগ্ৰেছৰ কামকাজত বাধা সৃষ্টি কৰাৰ অভিযোগত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গৃহীত হ’ল মহাভিযোগৰ প্ৰস্তাৱ।

বুধবাৰে “হাউছ অফ ৰিপ্ৰেজেন্টেটিভছ’ত ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ সপক্ষে অধিকাংশ সদস্যই ভোটদান কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত প্ৰথমটো অভিযোগত “হাউছ অফ ৰিপ্ৰেজেন্টেটিভছ’ত মহাভিযোগৰ সপক্ষে ২৩০টা ভোটদানৰ বিপৰীতে বিপক্ষে পৰে ১৯৭টা ভোট।

দ্বিতীয় অভিযোগত মহাভিযোগৰ সপক্ষে ২২৯টা ভোটদানৰ বিপৰীতে বিপক্ষে  ১৯৮টা ভোট পৰে।

অহা জানুৱাৰি মাহৰ প্ৰথমভাগত ট্ৰাম্পে চিনেটত বিচাৰৰ সন্মুখীন হ’ব লাগিব। অৱশ্যে, চিনেটত ৰিপাব্লিকানৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে ৰাষ্ট্ৰপতি পদ হেৰুওৱাৰ সম্ভাৱনা কম।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মাৰ্কিন হাউছৰ ন্যায়িক কমিটিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ অনুমোদিত হৈছিল। ইয়াৰ লগতে কংগ্ৰেছৰ কামকাজত বাধা দিয়া দ্বিতীয়টো অভিযোগতো অনুমোদন দিছিল।

মাৰ্কিন কংগ্ৰেছৰ নিম্ন সদন “হাউছ অফ ৰিপ্ৰেজেন্টেটিভছ’ত ডেম’ক্ৰেটিকসকল সংখ্যাগৰিষ্ঠ। সেয়েহে এইখন সদনত যে সহজতেই মহাভিযোগৰ প্ৰস্তাৱ গৃহীত হ’ব সেয়া জানিব পৰা কথাই আছিল।

কিন্তু চিনেটত ৰিপাব্লিকানৰ সংখ্যাগৰিষ্ঠতা থকাত এই মুহূৰ্তত ট্ৰাম্পৰ বাবে পৰিস্থিতি প্ৰতিকূল নোহোৱাৰ সম্ভাৱনাই বেছি।

ইপিনে, বুধবাৰে হাউছৰ অধ্যক্ষ তথা ডেম’ক্ৰেটিক নেত্ৰী নেন্সি পেল’চিলৈকে এখন ছয় পৃষ্ঠাৰ পত্ৰ লিখিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

পত্ৰখনৰ পাতে পাতে ট্ৰাম্পে হাউছৰ ডেম’ক্ৰেট সদস্যসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছে। পত্ৰখনত মহাভিযোগ পদ্ধতিক তেওঁ “অভ্যুত্থানৰ চেষ্টা’ আৰু “বিকৃত বিচাৰ’ বুলি অভিহিত কৰিছে।