NORTHEAST NOW (Assamese)
অসম

ৰঞ্জী ট্ৰফীত ২০০ উইকেট দখলেৰে বেগী বলাৰ অৰূপ দাসৰ কৃতিত্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 4:30 pm
Arup Das Assam

ঝাৰখণ্ডৰ ৰাঁচীত চলি থকা অসম আৰু ঝাৰখণ্ডৰ মাজৰ ৰঞ্জী ট্ৰফীত অসমৰ বেগী বলাৰ অৰূপ দাসে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ২০০ টা উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰে।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ২০০ টা উইকেট দখল কৰা অসমৰ প্রথমগৰাকী বেগী বলাৰ হিচাপে পৰিগণিত হয় ২৮ বৰ্ষীয় অৰূপ দাস।

বৰপেটাত জন্মগ্ৰহণ কৰা অৰূপ দাসে কেৰিয়াৰৰ ৫৬ সংখ্যক খেলত অংশগ্ৰহণ কৰি ২০০ টা উইকেট দখল কৰে।

বুধবাৰে ঝাৰখণ্ডৰ ঈশান্ত জাগ্ৰীৰ উইকেট দখল কৰি অৰূপে ৫৬ সংখ্যক ৰঞ্জী খেলত ২০০ টা উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰে অৰূপে।

উল্লেখযোগ্য যে, অৰূপ দাসৰ পূৰ্বে অসমৰ পূৰ্বৰ আন এগৰাকী স্পীনাৰ আৰ্লেন কোঁৱৰে ২০০ টা উইকেট দখল কৰিছিল।

আৰ্লেনৰ পাছত ৰঞ্জী ট্ৰফীত ২০০ টা উইকেট দখল কৰা অৰূপ অসমৰ দ্বিতীয় গৰাকী বলাৰত পৰিগণিত হয়।