NORTHEAST NOW (Assamese)
Popular Stories

Breaking News: অ’মিক্ৰণে প্ৰাণ ল’লে প্ৰথমজন ব্যক্তিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2021 6:35 pm
Omicron

কৰ’ণা ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰণে প্ৰাণ লৈছে প্ৰথমজন ব্যক্তিৰ। ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে এই কথা সদৰী কৰিছে।

পশ্চিম লণ্ডনৰ পেডিংটনৰ ওচৰত এটা টিকাকৰণ ক্লিনিক ভ্ৰমণৰ সময়ত বক্তব্য ৰাখি বৰিছ জনছনে দেশত অমিক্ৰণ আক্ৰান্ত এজন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

“দুখৰ বিষয় যে অ’মিক্ৰণ আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু দুখৰ বিষয় যে এজন ৰোগীৰ অ’মিক্ৰনৰ ফলত মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। জনসংখ্যাৰ মাজেৰে ই যি গতিত গতি বঢ়ে তাক চিনাক্ত কৰিব লাগিব।” তেওঁ কয়।