NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

বলিউদত আকৌ কৰ’ণাতংক: ক’ৰণাত আক্ৰান্ত কৰীণা কাপুৰ, অমৃতা অৰোৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2021 5:19 pm
Kareena Kapoor and Amrita Arora test Covid positive

আকৌ কৰ’ণাৰ আতংকই দেখা দিছে বলিউদত। এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে অভিনেত্ৰী কৰীণা কাপুৰ আৰু অমৃতা অৰোৰা।

বলীউডৰ দুয়োগৰাকী অভিনেত্ৰীকে শেহতীয়াকৈ মুম্বাইত বহুতো পাৰ্টিত উপস্থিত থকা দেখা গৈছিল। এনেদৰে তেওঁলোক আন বহুতো লোকৰ সংস্পৰ্শলৈ আহিছিল। সেয়ে বলিউদত পুনৰ কৰ’ণাতংকই গা কৰি উঠিছে।

শেহতীয়াকৈ দুয়োগৰাকী অভিনেত্ৰী বান্ধৱীক মুম্বাইত কৰিশ্মা কাপুৰ আৰু মালাইকা অৰোৰাৰ সৈতে ফুৰিবলৈ যোৱা দেখা গৈছিল।

বাতৰি অনুসৰি বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) কৰীণা আৰু অমৃতাৰ সংস্পৰ্শলৈ অহা লোকসকলক আৰটিপিচিআৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পৰামৰ্শ দিছে।