NORTHEAST NOW (Assamese)
অসম

১৫ ফেব্ৰুৱাৰিৰ পৰা চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা; ছাত্ৰ-ছাত্ৰীলৈ কি নিৰ্দেশ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 7:20 pm
512841-cbse-exam-new

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছচি) দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা নৱবৰ্ষৰ ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব।

পৰীক্ষাৰ প্ৰথম দিনটোত দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃত্তিমূলক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

চিবিএছচিৰ তৰফৰ পৰা জাৰি কৰা পৰীক্ষাৰ কাৰ্যসূচী অনুসৰি দুয়োটা শ্ৰেণীৰে শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ বাবে ৰাতিপুৱা ১০:৩০বজাৰ পৰা ১:৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে,ইয়াৰ পূৰ্বে ১০বজাৰ পৰা ১০:১৫ বজাৰ মাজত উত্তৰ বহী বিতৰণ কৰা হ’ব আৰু ১০:১৫বজাৰ পৰা ১০:৩০ বজাৰ ভিতৰত প্ৰশ্নকাকত বিতৰণ কৰা হ’ব।

দশম শ্ৰেণীৰ পৰীক্ষাৰ সূচী পাবলৈ ডাউনলোড কৰক:  http://cbse.nic.in/newsite/attach/CLASS%20X_DATESHEET_2020%20EXAMS.pdf

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী পাবলৈ ডাউনলোড কৰক:  http://cbse.nic.in/newsite/attach/CLASS%20XII_DATESHEET_2020%20EXAMS.pdf

পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ সংশ্লিষ্ট পৰীক্ষাগৃহত ১০ বজাৰ পূৰ্বে প্ৰৱেশ কৰিব লাগিব।

দশম শ্ৰেণীৰ পৰীক্ষাসমূহ ২০ মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হ’ব। ২৬ ফেব্ৰুৱাৰিত ইংৰাজী, ২৯ ফেব্ৰুৱাৰিত হিন্দী, ৪মাৰ্চত বিজ্ঞান, ৭মাৰ্চত সংস্কৃত, ১২ মাৰ্চত গণিত, ১৮মাৰ্চত সমাজ বিজ্ঞান আৰু ২০ মাৰ্চত ইনফৰ্মেশ্যন কম্যুনিকেশ্যন টেকন’লজি আৰু কম্পিউটাৰ এপ্লিকেশ্যন বিষয়ৰ পৰীক্ষা অনষ্ঠিত হ’ব।

ইপিনে, পৰীক্ষাৰ কাৰ্যসূচী অনুসৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৩০ মাৰ্চলৈকে চলিব। মূল বিষয়সমূহৰ ভিতৰত ২২ ফেব্ৰুৱাৰিত মনোবিজ্ঞান, ২৭ ফেব্ৰুৱাৰিত ইংৰাজী, ২মাৰ্চত পদাৰ্থ বিজ্ঞান, ৩ মাৰ্চত বুৰঞ্জী, ৫ মাৰ্চত একাউন্টেন্সি, ৬ মাৰ্চত ৰাজনীতি বিজ্ঞান, ৭ মাৰ্চত ৰসায়ন বিজ্ঞান, ১৪ মাৰ্চত জীৱ বিজ্ঞান, ১৭ মাৰ্চত গণিত, ২০ মাৰ্চত হিন্দী, ২৩ মাৰ্চত ভূগোল আৰু ৩০ মাৰ্চত সমাজবিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব।