NORTHEAST NOW (Assamese)
দেশ

স্বামীৰ লগত মতানৈক্য! তিনিটাকৈ সন্তানক কুঁৱাত পেলাই দিলে মাতৃয়ে, তুলি অনা হ’ল নিথৰ দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2025 9:54 am

স্বামীৰ লগত মতানৈক্য হোৱাৰ বাবেই নিজৰ তিনিটা সন্তানক কুঁৱাত পেলাই দিলে এগৰাকী মহিলাই। দেওবাৰে বিহাৰৰ সমস্তীপুৰত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাতৃক।

আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত মহিলাগৰাকীৰ নাম সীমা দেৱী। তেওঁ সমস্তীপুৰ জিলাৰ মালিনগৰ গাঁৱৰ বাসিন্দা।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে স্বামী চন্দন মহতাৰ সৈতে ৩৬ বছৰীয়া মহিলাগৰাকীৰ কাজিয়া হৈছিল। এটা সময়ত এই কাজিয়া চৰম সীমাত উপনীত হল। ইয়াৰ পিছত স্বামী ওলাই যোৱাৰ লগে লগে মাতৃগৰাকীয়ে খঙৰ ভমকত নিজৰ তিনি সন্তানক প্ৰহাৰ কৰিবলৈ ধৰে। তাৰ পিছৰে পৰা সন্ধানহীন হৈ থাকে তিনিটা শিশু ।

ইফালে স্বামী ঘূৰি আহি সন্তানক বিচৰাত সীমাই কয় যে সন্তান কেইটা নিৰুদ্দেশ হৈছে। এই সন্দৰ্ভত চাকমেহছি থানাত এজাহাৰো দাখিল কৰা হয়।

অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। তদন্তত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য। তালাচী অভিযান আৰম্ভ হোৱাৰ সময়তে ঘৰৰ সমীপৰ এটা কুঁৱাত শিশু তিনিটাৰ মৃতদেহ উদ্ধাৰ হয়।

ইয়াৰ পিছতে আৰক্ষীয়ে সীমাক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰে। জেৰাৰ সময়ত সীমাই স্বীকাৰ কৰে যে তেওঁ নিজৰ তিনিটা সন্তানক ক্ষোভত হত্যা কৰি এটা কুঁৱাত পেলাই দিছিল।আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত শিশু তিনিটাৰ নাম হৈছে তৰুণ (৬), তানিয়া (৪) আৰু তনিষ্ক (২)। তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্ত সীমাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ৯৭ ধাৰাত গোচৰ ৰুজু কৰিছে।