NORTHEAST NOW (Assamese)
Popular Stories

শান্তিৰ অসমত অশান্তি বিয়পোৱা বিজেপিৰ ‘শান্তি সমদল’ৰ বিৰুদ্ধে আছুৰ ‘বজ্ৰনিনাদ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2019 11:06 am
Sahitya Sabha slams Assam DIPR

শান্তিৰ অসমত জাতিধ্বংসী নাগৰিকত্ব আইনেৰে অশান্তি বিয়পোৱা বিজেপিয়ে আজি নলবাৰীত উলিয়াব শান্তি সমদল। আইনখনক লৈ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ হৈ থকাৰ সময়তে বিজেপিৰ এই শান্তি সমদল কাৰ্যসূচীয়ে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

বুধবাৰে নিশা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মাৰ লগতে আন বহু নেতা-পালিনেতাৰ উপস্থিতিত জিলা কাৰ্যালয়ত অনুষ্ঠিত সভাত সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নলবাৰীত আজি দিনৰ ১১ বজাত এটা শান্তি সমদল উলিওৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

ইফালে চৰকাৰী পক্ষৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিছে বহু দল-সংগঠন। ইতিমধ্যে শান্তি সমদলৰ বিৰুদ্ধে নলবাৰী জিলা ছাত্ৰ সন্থাই ঘোষণা কৰিছে ‘বজ্ৰনিনাদ’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী।

এই কাৰ্যসূচীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়েও সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে।

অসমৰ ভাষা, কৃষ্টি-সংস্কৃতি নিঃশেষ কৰি দিব পৰা এই আইনখনক সমৰ্থন আগবঢ়াই বিজেপিয়ে উলিয়াব খোজা শান্তি সমদলক দল-সংগঠনৰ লগতে বিভিন্ন লোকে তীব্ৰ সমালোচনা কৰিছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, হাগ্ৰামা মহিলাৰীৰ লগতে বিজেপিৰ প্ৰায়বোৰ মন্ত্ৰী বিধায়কৰ উপস্থিতিত উলিয়াবলগীয়া সমদলৰ সময়ত যাতে জিলাখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ সচেতন লোকসকলে আহ্বান জনাইছে।

ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ হৈ থকাৰ সময়তে শাসকীয় পক্ষৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।