NORTHEAST NOW (Assamese)
অসম

১৯৮৭ৰ পূৰ্বে ভাৰতত জন্মা সকলো ভাৰতীয়ই নাগৰিক, অসম বাহিৰত: বাতৰি

Posted by: এন ই নাও নিউজ/ ৰূপা সৰকাৰ Updated by: এন ই নাও নিউজ/ ৰূপা সৰকাৰ December 20, 2019 10:56 pm
Logo_of_NRC_Assam Salaries of 6700 NRC employees yet to be released

যিকোনো ব্যক্তি বা যাৰ মাক-দেউতাকৰ জন্ম ভাৰতত ১৯৮৭ চনৰ পূৰ্বে হৈছে, তেওঁলোক আইনমতে ভাৰতৰ নাগৰিক, কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াৰ মন্তব্যৰে শুকুৰবাৰে এই বাতৰি প্ৰকাশিত হৈছে।

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ আৰু দেশজোৰা সম্ভাৱ্য এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ মাজতে এই বিষয়কেইটাক লৈ ইতিমধ্যে কেন্দ্ৰই ধাৰাবাহিক স্পষ্টীকৰণ দিছে।

শীৰ্ষ বিষয়াগৰাকীৰমতে, ভাৰতীয় নাগৰিকসকলে কা আৰু এন আৰ চিক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। অসমৰ এন আৰ চিৰ বাবে এই ভিত্তিবৰ্ষ হৈছে অসম চুক্তি নিৰ্ধাৰিত ১৯৭১।

দেশজোৰা বিক্ষোভৰ মুখত গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে এই ঘোষণাও কৰিছে যে জন্মৰ প্ৰমাণ পত্ৰ বা জন্ম ঠাইৰ প্ৰমাণ পত্ৰৰ আধাৰতো ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব পৰা যাব।

সম্ভাৱ্য এন আৰ চিজনিত প্ৰশ্নত কোনো ভাৰতীয় নাগৰিক “নিৰ্য্যাতিত” নহ’ব বুলি সদৰী কৰি গৃহ মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই লগতে কৈছে যে কোনো নথিপত্ৰ নথকা অশিক্ষিত নাগৰিকৰ ক্ষেত্ৰত কৰ্তৃপক্ষই সমাজৰ সদস্যসকলে সমৰ্থন দিয়া সাক্ষী বা স্থানীয় প্ৰমাণো গ্ৰহণ কৰা হ’ব।

“এটা সঠিকভাৱে পৰিকল্পিত পদ্ধতি অৱলম্বন কৰা হ’ব,” মুখপাত্ৰগৰাকীয়ে কয়।

মুখপাত্ৰগৰাকীয়ে আৰু কয় যে ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থকা এলেকাসমূহ কা, ২০১৯ৰ বাহিৰত থাকিব আৰু খিলঞ্জীয়াসকলে ইয়াক লৈ ভয় খাব নালাগে।

গৃহ মন্ত্ৰী অমিত শ্বাহে দেশজোৰা এন আৰ চি কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছৰে পৰা চ’চিয়েল মিডিয়াত বিভিন্ন উৰা বাতৰি বিয়পি পৰিছে।

এন আৰ চিত কোনবিলাক নথিপত্ৰ বৈধ বুলি স্বীকাৰ কৰা হ’ব তাক লৈয়ো চৰ্চা চলিছে, কিন্তু চৰকাৰে তেনে কোনো ঘোষণা এতিয়ালৈকে কৰা নাই।