NORTHEAST NOW (Assamese)
অসম

৫ জানুৱাৰীত গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2019 10:37 pm

ৰাজ্যত চাৰিওফালে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰো প্ৰতিবাদ চলি থকাৰ মাজতে ক্ৰীড়া প্ৰেমীসকলৰ বাবে এক ভাল খবৰ।

গুৱাহাটীত অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ। মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই আন্তঃৰাষ্ট্ৰীয় খেলখন অনুষ্ঠিত হ’ব। এই কথা সদৰী কৰিছে অসম ক্ৰিকেট সন্থায়।

ক্ৰীড়াপ্ৰেমী সকলে২৪ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰৰ পৰা টিকট ক্ৰয় কৰিব পাৰিব। টিকটসমূহ ‘Book my Show’ত উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে।

লগতে ক্ৰীড়াপ্ৰেমী সকলৰ বাবে ৪০ হাজাৰ টিকট মুকলি কৰা হ’ব বুলিও জানিব পৰা গৈছে।

এই আন্তঃৰাষ্ট্ৰীয় খেলখনত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলিও উপস্থিত থাকিব। ইফালে খেলুৱৈসকলে অহা ২ জানুৱাৰীত আহি গুৱাহাটীত উপস্থিত হ’বহি।