NORTHEAST NOW (Assamese)
অসম

“I Oppose C(A)A” লিখিত বেজ পৰিধান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2019 2:42 pm

জাতি-ভাষা-সংস্কৃতি এতিয়া তীব্ৰ সংকটত। ৰাজ্যৰ চাৰিওফালে কেৱল ‘কা’ বিৰোধী প্ৰতিবাদ। বিভিন্ন দল-সংগঠন তথা সাধাৰণ ৰাইজৰ মত ‘কা’ বাতিল নকৰালৈকে ৰাজ্যত ‘কা’ বিৰোধী প্ৰতিবাগ অব্যাহত থাকিব।

নাগৰিকত্ব (সংশোধন) আইনক লৈ ৰাজ্যত চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে আজি আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা।

প্ৰতিবাদৰ মাজতে আজি ছাত্ৰ-ছাত্ৰীসকল ওলাই আহিল পৰীক্ষা দিবাৰ বাবে। কিন্তু সমান্তৰাল ভাৱে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদো কৰিছে।

প্ৰতিবাদো কৰিম পৰীক্ষাও দিম এই মূল মন্ত্ৰৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পৰীক্ষা দিবলৈ ওলাই আহে। ছাত্ৰ-ছাত্ৰীসকলে “I Oppose C(A)A’ বুলি লিখা ক’লা বেজ পৰিধান কৰি নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে পৰীক্ষাত অৱতীৰ্ণ হয়।

উল্লেখযোগ্য যে ১২ ডিচেম্বৰৰ পৰা হ’বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাসমূহ নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদৰ বাবে পৰিস্থিতি সহজ নোহোৱালৈকে পিছুৱাই দিয়া হৈছিল।

কিন্তু বৰ্তমানো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই জাতি ধ্বংসী ‘কা’ক লৈ তীব্ৰ ক্ষোভ আছে। তাৰেই প্ৰতিফলন আজি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিবলে আহোতে দেখা পোৱা গ’ল।