NORTHEAST NOW (Assamese)
অসম

আজি গুৱাহাটীত C(A)A বিৰোধী আন্দোলনৰ চহিদ ষ্টেফোৰ্ড আৰু দিপাঞ্জলৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2019 9:27 am
rahul gandhi

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি গুৱাহাটীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী সভাক সম্বোধন কৰিব।

‘অস্তিত্ব ৰক্ষাৰ সমাবেশ’ শীৰ্ষক সমাবেশখন গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব।

ৰাহুল গান্ধীয়ে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা গুৱাহাটীৰ কিশোৰ ষ্টেম ষ্টেফোৰ্ডৰ পৰিয়ালৰ লোককো সক্ষাৎ কৰিব।

নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা ১৭ বছৰীয়া ষ্টেফোৰ্ড এগৰাকী বাদ্য যন্ত্ৰী আছিল।

কংগ্ৰেছ নেতা সকলে ‘কা’ বিৰোধী আন্দোলনৰ আন এগৰাকী চহিদ কামৰূপৰ দিপাঞ্জল দাসৰ পৰিয়ালকো সাক্ষাৎ কৰিব।

কংগ্ৰেছে ইয়াৰ প্ৰতিষ্ঠা দিৱস ২৮ ডিচেম্বৰত সমগ্ৰ দেশত ‘সংবিধান বচাওক, ভাৰত বচাওক’ শীৰ্ষক সমদলো উলিয়াব।

উল্লেখযোগ্য যে, অসম প্ৰদেশ কংগ্ৰেছে অসমত চলি থকা ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নিজৰ ৰাজনৈতিক সক্ৰিয়তা বৃদ্ধি কৰিছে।

গোলাম নবী আজাদে অলপতে অসম ভ্ৰমণ কৰি যোৱাৰ পাছত ৰাহুল গান্ধী দ্বিতীয় গৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতা হিচাপে অসমত উপস্থিত হ’ব।