NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাৰ বিয়োগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2019 11:28 am
Indramani Borah

অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাৰ শুকুৰবাৰে নিশা উজানবজাৰস্থিত বাসগৃহত বিয়োগ ঘটে।

দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত বৰাই ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৯৫ চনত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰা জেষ্ঠ বিজেপি নেতা গৰাকীৰ বিয়োগত ৰাজ্যিক বিজেপিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাৰ বিয়োগত শোক ব্যক্ত কৰি এয়া বিজেপি পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰি ইন্দ্ৰমণি বৰাক ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ লাইখুঁটাস্বৰূপ আছিল বুলি কয়।

‘‘ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। বিজেপি পৰিয়ালৰ বাবে এয়া অপূৰণীয় ক্ষতি। প্ৰকৃতাৰ্থত তেখেত আছিল ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ লাইখুঁটাস্বৰূপ। ১৯৯১ চনৰ পৰা ২০০০ চনলৈ শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, শ্ৰী লালকৃষ্ণ আদৱানি, শ্ৰী মুৰলী মনোহৰ যোশী ডাঙৰীয়াৰ দৰে প্ৰখ্যাত জননেতাসকলৰ সৈতে মিলি অসমত দলৰ ভেটি সুদৃঢ় কৰাত তেখেতে যি বলিষ্ঠ ভূমিকা লৈছিল সেয়া চিৰস্মৰণীয় হৈ ৰ’ব। তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা যাচিলোঁ,’’ নিজৰ ফেইচবুকত মুখ্য মন্ত্ৰীয়ে এনেদৰে লিখে।

ইন্দ্ৰমণি বৰা ২০০১ চনৰ পৰা ২০০৭ চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

সৎ আৰু নিষ্ঠাৱান প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিয়োগত পৰিমল শুক্লবৈদ্যকে ধৰি ভালেসংখ্যক বৰ্তমানৰ বিজেপি নেতাই শোক প্ৰকাশ কৰে।