NORTHEAST NOW (Assamese)
অসম

CAA হোৱাৰ দিনাই অসমৰ ILP যোগ্যতাও নোহোৱা কৰিলে মোদী চৰকাৰে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 29, 2019 7:22 pm
Samujjal-Bhattacharya Assam no longer eligible for ILP, removed from BEFR 1873: AASU slams BJP Govt

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিৰুদ্ধে চলিত প্ৰতিবাদৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই দেওবাৰে পোহৰলৈ আনিছে অসমৰ ক্ষেত্ৰত কেন্দ্ৰই কৰ্তন কৰা এক বিশেষ যোগ্যতা।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই জনাই যে যি Bengal Eastern Frontier Regulation, 1873ৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যই ইনাৰ লাইন পাৰ্মিট পোৱাৰ ব্যৱস্থা আছে, তাৰ প্ৰস্তাৱনাৰ পৰা কেন্দ্ৰই অসমক (অবিভক্ত জিলাকেইখন) বাদ দিছে।

“অসমৰ কাৰণে ‘ইনাৰ লাইন পাৰ্মিট’ পাব পৰা ব্যৱস্থা পূৰ্বৰ পৰাই আছিল। সেই ব্যৱস্থা যোৱা ১১ ডিছেম্বৰত, অৰ্থাৎ যিটো দিনত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈছে সেইদিনাই কেন্দ্ৰই কৰ্তন কৰিছে। যি তাৰিখত কেব গৃহীত হৈছিল সেইদিনাই আৰু এটা ভয়ংকৰ কাৰ্য্য তেওঁলোকে সংঘটিত কৰিলে,” ভট্টাচাৰ্য্যই কয়।

প্ৰস্তাৱনা সংশোধন কৰি কৰা হৈছে– In the opening paragraph, for “districts of Kamrup, Darrang, Nowgong, Sivsagar, Lakhimpur, Naga Hills, Cachar” substitute “States of Arunachal Pradesh, Manipur, Mizoram and area of districts of State of Nagaland as notified from time to time”.

Bengal Eastern Frontier Regulation, 1873ত পূৰ্বে থকা অভিভক্ত কামৰূপ, দৰং, নগাওঁ, শিৱসাগৰ, লখিমপুৰ আৰু কাছাৰ জিলা বিভাজন হৈয়ে বৰ্তমানৰ অসমৰ জিলাসমূহ গঠিত হৈছে।

দীৰ্ঘদিনধৰি অসমৰ কিছু দল-সংগঠনে আই এল পিৰ দাবী কৰি আহিছে আৰু শেহতীয়াকৈ CAA-ৰ আৱিৰ্ভাৱত এই দাবীয়ে নতুন জোৰ লাভ কৰিছিল।

কিন্তু, ভট্টাচাৰ্য্যই দেখুওৱামতে Bengal Eastern Frontier Regulation, 1873ত সংশোধনেৰে মোদী চৰকাৰে এই দাবীৰ আলমটো নোহোৱা কৰিলে।

“ইমান বছৰে কোনো এখন চৰকাৰে অসমৰ ক্ষেত্ৰত কাৰ্য্যকৰী কৰা নাছিল, কিন্তু কৰিব পৰা সুবিধা আছিল। আমাৰ দাবী, আমাক ইনাৰ লাইন লাগিব। আগৰ পৰা এই ব্যৱস্থা আছিল। তেওঁলোকৰ কথাবোৰ ফাঁকিৰে ভৰা আৰু অতি বিভ্ৰান্তিকৰ,” ভট্টাচাৰ্য্যই কয়।

এই আইনৰ অধীনতে কা-বিৰোধিতাৰ মাজতে শেহতীয়াকৈ মণিপুৰেও ইনাৰ লাইন পাৰ্মিট পোৱাৰ প্ৰসংগ উল্লেখ কৰি ভট্টাচাৰ্য্যই বিজেপি চৰকাৰক চোকা সমালোচনা কৰে।

“জাতি-মাটি-ভেটিৰ অনিষ্ট হোৱা কাম নকৰো বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈ থাকে, এইটো অনিষ্ট হোৱা কাম হ’ল নে নহ’ল?” মণিপুৰে ইনাৰ লাইন পাৰ্মিট পোৱাৰ বিপৰীতে “প্ৰাপ্য বস্তুটোও আমাৰ পৰা লৈ যোৱা হ’ল” বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যৰ সোণোৱালক প্ৰশ্ন।

“আমাৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ সন্মুখতে কেন্দ্ৰীয় চৰকাৰে আগৰ পৰা থকা বস্তু লৈ গ’ল।”

তদুপৰি, ইনাৰ লাইন পাৰ্মিট আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহ ‘কা’ প্ৰযোজ্য নহয় বুলি সদৰী কৰি ভট্টাচাৰ্য্যই কয় ‘প্ৰযোজ্য নোহোৱা মানেটো কি? সেই অঞ্চলসমূহত ২০১৪ চনলৈকে থকা কোনো লোকে বসবাস কৰিব নোৱাৰিব। মেঘালয়ৰ ৯৫ শতাংশ অঞ্চল ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত।‘

‘তেন্তে তাত থকা হিন্দু বাংলাদেশীসকল ক’লৈ আহিব?’ ভট্টাচাৰ্য্যই লগতে প্ৰশ্ন কৰি কয় ‘নিশ্চয়কৈ অসমলৈ আহিব অসমৰো ৭ খন জিলা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত। এই জিলাকেইখনক বাদ কৰি গোটেই জিলাসমূহত এই বোজা আহি পৰিব। এই ভয়াবহতাৰ কথা বিজেপিয়ে ৰাইজৰ পৰা অঁতৰাব খুজিছে। বিজেপিয়ে ৰাইজক গোটেই কথাটো পাতল কৰি দেখুৱাব বিচাৰিছে।”