NORTHEAST NOW (Assamese)
অসম

মহানগৰীত ১ জানুৱাৰিৰ পৰা পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 2:05 pm
city052

নৱবৰ্ষৰ পহিলা জানুৱাৰিৰ দিনটোৰ পৰাই মহানগৰীত গাখীৰৰ মূল্য বৃদ্ধি পাব।

বৃহত্তৰ গুৱাহাটী দুগ্ধ উৎপাদক সন্থাই অহা ১ জানুৱাৰিৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মহানগৰীত বৰ্তমান প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৪৬ টকা। ১ জানুৱাৰিৰ পৰা এই মূল্য ৪৯টকা হ’ব।

গাখীৰৰ মূল্য বৃদ্ধিৰ লগে লগে দুগ্ধজাত আন সামগ্ৰীসমূহৰো মূল্য বৃদ্ধি পাব।

স্বাভাৱিকতেই গাখীৰৰ মূল্য বৃদ্ধিৰ ফলত দৈ, মিঠাই, পনীৰ আদিৰ মূল্য বৃদ্ধি পাব।

উল্লেখযোগ্য যে আজি কিছুদিন পূৰ্বে ব্ৰেণ্ড পেকেজ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি হৈছিল।

ইতিমধ্যে, পিঁয়াজৰ মূল্যই গ্ৰাহকক যথেষ্ট চিন্তিত কৰি ৰাখিছে আৰু আগন্তুক নৱবৰ্ষ তথা ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি আন খাদ্য সামগ্ৰীৰ মূল্যও বৃদ্ধি পোৱাৰ আশংকাই উদ্বিগ্ন কৰি ৰাখিছে।