NORTHEAST NOW (Assamese)
Popular Stories

শংকিত চৰকাৰ! ছচিয়েল মিডিয়াত চৰকাৰ বিৰোধী পোষ্টৰ ওপৰত নজৰ ৰাখিব কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 1:11 pm

ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ প্ৰতি কঠোৰ হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ। এতিয়া সমগ্ৰ ৰাজ্য তথা দেশতে ‘কা’ বিৰোধী প্ৰতিবাদ।  আৰু এই ‘কা’ বিৰোধী প্ৰতিবাদৰ প্ৰতিফলন দেখা গৈছে ফেচবুক আৰু টুইটাৰত। ছচিয়েল মিডিয়াৰ জৰিয়তে নাগৰিকত্ব (সংশোধন) আইনৰ বিপক্ষে গঢ়ি উঠিছে ব্যাপক জনমত।

চৰকাৰক নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবী জনাই সমগ্ৰ অসমে প্ৰতিবাদ কৰাৰ লগতে ছচিয়েল মিডিয়াতো চৰকাৰী বিৰোধী মন্তব্য দিনক দিনে বৃদ্ধি পাইছে। এই কথা শংকিত হৈ পৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ। সেয়েহে এতিয়া গৃহ মন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

এতিয়াৰে পৰা ছচিয়েল মিডিয়াত ‘কা’ৰ বিৰোধিতাৰে চৰকাৰ বিৰোধী মন্তব্য অসমীয়াত কৰিলেও সাৰিব নাযাব কোনো। গৃহ মন্ত্ৰ্যালয়ে এই কাৰ্যৰ বাবে আই টি আৰু ছফটৱেৰ অভিযন্তাৰ এক বিশেষ দল। Earnest and Young নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা লোৱা হৈছে বিশেষ সেৱা।

ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা পাঁচজন অতি পাৰ্গত ব্যক্তিক লোৱাৰ উপৰি  অসমৰ ৩৩খন জিলাৰ বিপৰীতে ৩৩জন অসমীয়া ভাষা জনা ছচিয়েল মিডিয়া বিশেষজ্ঞক এই কাৰ্যত নিয়োগ কৰা হৈছে।

এই বিশেষজ্ঞৰ দলটোৱে এক লাখ অসমীয়া শব্দৰ Keywordৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে।  আৰু এক মাহৰ ভিতৰত এই তালিকাত অন্তৰ্ভুক্ত হ’ব অতিৰিক্ত কমেও ২ লাখ শব্দ।

কোনোৱে ছচিয়েল মিডিয়াত এই শব্দবোৰ ব্যৱহাৰ কৰি ষ্টেটাছ দিলে বা টুইট কৰিলেই বিশেষ Software Applicationৰ জৰিয়তে বিশেষজ্ঞৰ দলটোৱে বিচাৰি উলিয়াব ষ্টেটাছ দিয়া বা টুইট কৰা ব্যক্তিজনক। লগে লগে তেওঁৰ পৰিচয়, অৱস্থিতি আদি বিচাৰি প্ৰস্তুত কৰা হ’ব এক বিশেষ ডাটাবেছ। ইয়াৰ পিছতে অসমীয়া ভাষা জনাকেইজনে সেই মন্তব্যটো বিশ্লেষণ কৰিব আৰু যদি সেই মন্তব্য চৰকাৰৰ বিৰোধী হয় তেওঁলোকে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে সেই কথা ৰিপ’ৰ্ট কৰিব।

তাৰ পিছত ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক সেই পোষ্ট আঁতৰাই দিবলৈ কোৱা হ’ব বা প্ৰয়োজন সাপেক্ষে একাউণ্ট বন্ধ কৰিবলৈ কৰিবলৈ কোৱা হ’ব। লগতে অসমৰ স্থানীয় চোৰাংচোৱা বিষয়াজনক সেই নিৰ্দিষ্ট ব্যক্তিজনৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হ’ব।