NORTHEAST NOW (Assamese)
Popular Stories

পাঁচদিনৰ বিপৰীতে চাৰিদিনলৈ হ্ৰাস পাব পাৰে টেষ্ট মেচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 8:38 pm
test-match-england-v-ireland_0c067aee-b1ec-11e9-b5a5-29370c823d6b

২০২৩ চনৰ পৰা টেষ্ট মেচৰ সময় পাঁচদিনৰ পৰা চাৰিদিনলৈ হ্ৰাস পাব পাৰে। সময় তথা ব্যস্ত সময়সূচীৰ প্ৰতি লক্ষ্য ৰাখিয়েই আই চি চিৰ ক্ৰিকেট সমিতিয়ে এই সন্দৰ্ভত বিচাৰ বিবেচনা কৰিব বুলি জানিব পৰা গৈছে।

ই এছ পি এন ক্ৰিক ইনফ’ৰ মতে আই চি চিয়ে টেষ্ট মেচৰ সময় হ্ৰাস কৰি অধিক প্ৰতিযোগিতা আয়োজন কৰাৰ মন মেলিছে। বি চি চি আইয়েও অধিক দ্বিপাক্ষিক টুৰ্ণামেণ্ট আয়োজনৰ পোষকতা কৰিছে।

ইয়াৰ উপৰি পাঁচদিনীয়া টেষ্ট মেচত হোৱা ব্যয়ৰ পৰিমান আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত টি-২০ লীগৰ জনপ্ৰিয়তাও ইয়াৰ এটা অন্যতম কাৰণ।

২০১৫-২০১৩ চনৰ এই সময়ছোৱাত টেষ্ট মেচসমূহ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’লে ৩৩৫ দিন ৰাহি হ’লহেতেন।

অৱশ্যে চাৰিদিনীয়া টেষ্ট মেচৰ ধাৰণা নতুন নহয়। চলিত বছৰৰ আৰম্ভণিতে ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত হৈছিল এখন চাৰিদিনীয়া টেষ্ট। ইয়াৰ পূৰ্বে ২০১৭ চনতো দক্ষিণ আফ্ৰিকা আৰু জিম্বাব’ৱেৰ মাজত হৈছিল এখন মেচ।

ইতিমধ্যে চাৰিদিনীয়া টেষ্ট মেচক লৈ ক্ৰিকেট মহলত চৰ্চা আৰম্ভ হৈছে। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ প্ৰমুখ কেবিনে এই সন্দৰ্ভত গম্ভীৰ ৰূপত আলোচনা কৰাৰ প্ৰয়োজন আছে।

ইফালে অষ্ট্ৰেলিয়া দলৰ টেষ্ট অধিনায়ক টিম পেইনে চাৰিদিনীয়া টেষ্ট মেচক লৈ উৎসাহিত নহয়। নিউজিলেণ্ডৰ বিৰুদ্ধে মেলবৰ্ণত বিজয় সাব্যস্ত কৰাৰ পাছতে কয়, ‘যদি এইটো হয় তেন্তে এছেজত আমি পোৱা ফলাফল নাপালোহেতেন। মই ভাৱো প্ৰতিখন মেচ পাঁচদিনলৈকে চলিছিল’।